নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ গুৱাহাটী তাৰকা-মহাতাৰকাৰ খদমদম । মায়ানগৰীলৈ পৰিণত হৈছে এতিয়া গুৱাহাটী । আজি অনুষ্ঠিত হ’বলগীয়া ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে গুৱাহাটীত শুকুৰবাৰে উপস্থিত হয়হি বহুকেইজন তাৰকা ।
শুকুৰবাৰে মাজনিশা প্ৰায় ১.৩০ বজাত গুৱাহাটী বিমানবন্দৰত উপস্থিত হয়হি বলীউডৰ খিলাৰী কুমাৰ অক্ষয় আৰু ভূমি পেডনেকাৰ । বিমানবন্দৰত উপস্থিত হোৱাৰ পাচতেই দুয়োগৰাকী তাৰকাকেই উষ্ম আদৰণি জনোৱা হয় । ইফালে, মাজনিশা শীত আৰু শেতেলী এৰিও প্ৰিয় অভিনেতাজনক বিমানবন্দৰত চাবৰ বাবে ভিৰ কৰেহি অসংখ্য অনুৰাগীয়ে । অনুৰাগীৰ মাজত মাথোঁ এটা চিঞৰ ‘অক্ষয় দা,অক্ষয় দা….’ ।