নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ ৰাস্তা-ঘাট সুচল কৰিবলৈ চৰকাৰে বিভাগীয়ভাৱে বছৰি কোটি কোটি টকা খৰচ কৰিলেও প্ৰকৃততে যে গ্ৰামাঞ্চলৰ বাট পথৰ তেনে কোনো উন্নয়ন হোৱা নাই সেইটো বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলৰ বিভিন্ন বিধ্বস্ত বাট পথৰ ফালে লক্ষ্য কৰিলেই সহজে অনুমান কৰিব পাৰি। শেহতীয়াকৈ জিলা খনৰ বাঘবৰ সমষ্টিৰ দক্ষিণ প্ৰান্তৰ চৰাঞ্চলৰ একাধিক বাট পথৰ বিধ্বস্ত ৰূপে চৰাঞ্চল বাসীয়ে যাতায়তৰ নামত নৰক যন্ত্ৰণা ভুগি থকাটো পৰিলক্ষিত হৈছে। প্ৰাপ্ত তথ্য মতে, সমষ্টিটোৰ আলোপতি মাজৰচৰ গাওঁ পঞ্চায়ত, বাঘমাৰাচৰ গাঁও পঞ্চায়ত, ধৰ্মপুৰ ভাতনাপাইতি গাঁও পঞ্চায়ত, কদমতোলা, ছয়সীমানা, উজিৰৰচৰ আদি গাঁও পঞ্চায়তৰ একাংশ বাট পথৰ শোচনীয় অৱস্থাই ৰাইজক সুদীৰ্ঘ বছৰ ধৰি বাৰুকৈয়ে জ্বলা কলা খুৱাই থকাৰ পাছতো স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকলে বিধ্বস্ত পথ সমূহ মেৰামতি কিম্বা নতুনকৈ নিৰ্মাণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত যাতায়তৰ নামত চৰম হাৰাশাস্তিৰ সন্মূখীন হব লগীয়া হৈছে ৰাইজে। বিশেষকৈ আলোপতি-মাজৰচৰ বজাৰৰ পৰা কালাইৰ দিয়া হৈ বাঘমাৰাচৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ অধীনত থকা উক্ত গুৰুত্বপূৰ্ণ পথটি যাতায়তৰ একেবাৰে অনুপযোগী হৈ পৰিছে যদিও পথছোৱা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্বাৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । উক্ত সদা ব্যস্ত ৰাজপথটোৰ মাজে মাজে পুখুৰী সদৃশ গাতৰ সৃষ্টি হোৱাত চাইকেল আৰোহী, মটৰ চাইকেল আৰোহীৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলেও যথেষ্ট কষ্ট কৰিহে যাতায়ত অব্যাহত ৰাখিব লগীয়া হৈছে। বৰষুণ পৰিলে উল্লেখিত পথছোৱাৰে পানী উপচি পৰে, যাৰ ফলত যাতায়ত বিড়ম্বনা নামিছে |একেদৰে কালাইৰ দিয়া তিনি আলিৰ পৰা উত্তৰ নিচানৰচৰলৈ যোৱা পথছোৱাৰ অৱস্থাও তথৈবচ ,মেৰামতিৰ নামগোন্ধেই নাই, ফলত মৰণক শৰণ দি সুদীৰ্ঘ দিন ধৰি অতি কষ্টেৰে যাতায়ত অব্যাহত ৰাখিছে অঞ্চলবাসী ৰাইজে | ইপিনে নিচানৰচৰ তিনি আলিৰ পৰা নায়েৰচৰ হৈ বাঘমাৰা চৰলৈ যোৱা পথছোৱাৰ অৱস্থাও একেবাৰে জৰাজীৰ্ণ বোকাময় হোৱাত যাতায়তৰ নামত নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে। আনহাতে কালাইৰ দিয়াৰ পৰা পশ্চিম মাজৰচৰ আৰু পূৱ মাজৰচৰ সংযোগী পথছোৱাৰ মাজে মাজে প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হোৱাত যাতায়ত একেবাৰে বন্ধ হৈ পৰিছে, ৩নং মাজৰচৰৰ পৰা মাজৰচৰ হাইস্কুল সংযোগী পথৰ একে অৱস্থা যদিও মেৰামতি কৰাত কোনো ধৰণৰ গুৰুত্বাৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কালাইৰ দিয়াৰ ইদ্ৰিছ আলীৰ ঘৰৰ পৰা নুৰজামাল ঠিকাদাৰৰ ঘৰলৈ যোৱা পথছোৱাও সুদীৰ্ঘ বছৰ বিধ্বস্ত হৈ ৰোৱাত যাতায়তৰ নামত নৰকযন্ত্ৰণা ভুগিবলগীয়া হৈছে ৰাইজ। তেনেদৰে বাঘমাৰাচৰ, ধৰ্মপুৰ ভাতনাপাইতি, কদমতোলা, উজিৰৰচৰতো একাধিক গাঁৱলীয়া বাট পথৰ শোচনীয় অৱস্থাই ৰাইজক যাতায়তৰ নামত বাৰুকৈয়ে জ্বলা কলা খুৱাই আহিছে যদিও আজিলৈকে বিধ্বস্ত পথ সমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকলেও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। চৰকাৰী পক্ষৰ গাফিলতি আৰু স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদৰ অমনোযোগিতাৰ বাবেই আজি চৰাঞ্চলৰ ৰাইজ যাতায়তৰ নামত জীয়াতু ভুগিবলগীয়া হোৱাৰো চৰ্চা চলিছে। বৃহত্তৰ চৰাঞ্চলৰ ৰাইজৰ যাতায়ত ব্যৱস্থা অধিক সুচল কৰি তোলাৰ স্বাৰ্থত শীঘ্ৰে বিধ্বস্ত পথ সমূহ মেৰামতি কিম্বা পুণ:নিৰ্মাণ কৰাৰ যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে জিলা আয়ুক্ত, স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদৰ লগতে মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ দাবী জনাইছে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস