নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ দক্ষিণ শালমাৰা মানকাচৰ আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা নদীপথে দিয়ে ধুবুৰীহৈ পশ্চিমবংগলৈকে আৰম্ভ হৈছে নেকি ভূয়া নথিপত্ৰেৰে চুপাৰিৰ অবৈধ বেহা? সম্প্ৰতি ধুবুৰী আৰক্ষীয়ে চুপাৰীবাহী এখন বাহন জব্দ কৰাৰ পিছত উত্থাপিত হৈছে এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ। স্মৰ্তব্য যে, যোৱা সোমবাৰে ধুবুৰী আৰক্ষীৰ এটি দলে চহৰখনৰ পাৰ্শ্বৱৰ্তী বৰলুইতৰ নিউঘাট নামৰ পাৰঘাটৰ পৰা জব্দ কৰিছিল চুপাৰীভৰ্তি এখন ব’লেৰো পিক্আপ ভেন। এএছ১৭চি/৫৯১৪ নম্বৰৰ সেই বাহনখন ধুবুৰী সদৰ থানালৈ আনি তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে। ইপিনে চুপাৰিবাহী সেই ব’লেৰো পিক্আপ ভেনখন থানালৈ অনাৰ পিছ মূহুৰ্তৰ পৰাই সেই বাহনখন মোকোলাই নিয়াৰ বাবে এটা চক্ৰৰ ব্যপক তৎপৰতা আৰম্ভ হোৱা বুলি চৰ্চিত হৈছিল। কিন্তু তদন্তত ভূয়া নথিপত্ৰেৰে চুপাৰিৰ বস্তুাবোৰ বহিঃৰাজ্যলৈ নিয়াৰ পৰিকল্পনা কৰাৰ বিষয়টো উন্মোচিত হোৱাৰ পিছত যোৱাকালি সেই বাহনখনত থকা ৪২ বস্তা চুপাৰি জব্দ কৰে আৰক্ষীয়ে। প্ৰাপ্ত তথ্য অনুসৰি, দক্ষিণ শালমাৰাৰ বৰো ৰাভাটাৰী প্ৰথম খণ্ডৰ মেচাৰ্চ খলিলুৰ ৰ’হমান নামৰ প্ৰতিষ্ঠানটোৱে পশ্চিমবংগৰ ফালাকাটাৰ নিউ মাৰ্কেটৰ ঘোষ টাইলচ ৱৰ্ল্ড নামৰ অইন এটা ব্যৱসায়িক প্ৰতিষ্ঠান এটালৈ প্ৰেৰণ কৰাৰ কথা আছিল চুপাৰিৰ সেই বস্তাবোৰ। ইয়াৰ মাজে আকৌ আৰক্ষীয়ে জব্দ কৰা সেই চুপাৰিখিনিৰ জিএছটি চালানত চুপাৰিৰ প্ৰকৃত পাইকাৰী মূল্যতকৈ বহু কম দৰ দেখুওৱা হোৱা বুলিও সন্দেহ স্থানীয় মহল একাংশৰ। উল্লেখ্য যে, পশ্চিমবংগলৈ অসমৰ পৰা চলি থকা অবৈধ চুপাৰীৰ বেহাৰ সেই শিপাডাল চুবুৰীয়া মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ পৰা বৰপেটালৈ বিস্তৃত বুলি দীৰ্ঘদিনীয়া এক চৰ্চা আছে স্থানীয় মহল একাংশত। পিছ জিএছটি ফাঁকিৰে ধুবুৰীহৈ পশ্চিমবংগলৈ অবৈধ তথা ভূয়া নথীৰে চুপাৰী প্ৰেৰণ কৰা হৈ আছে সেয়া ধুবুৰী আৰক্ষীৰ জালত পৰা চুপাৰী বস্তা ভৰ্তি বাহনখনেই উন্মোচিত কৰি দিয়া বুলি আঙুলিয়াই দিছে স্থানীয় মহল একাংশই। এনে প্ৰেক্ষাপটত, চৰকাৰী ৰাজহ ফাঁকিৰে চলি থকা চুপাৰীৰ এই অবৈধ বেহা সমূলে উৎখাত কৰাৰ বাবে অসম চৰকাৰ আৰু আৰক্ষীয়ে পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা থকা বুলি মত প্ৰকাশ কৰা পোৱা গৈছে বহুতেই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী