নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত গাখীৰত ফৰ্মেলিনজাতীয় ৰসায়নৰ অৱস্থিতি

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ ধুবুৰীত গাখীৰৰ নামত বিক্ৰী কৰা হৈ আছে নেকি বৰবিহ? ধুবুৰী জিলাৰ খাদ্য পৰিদৰ্শক আৰিফা বেগমৰ এক ভাষ্যই উত্থাপিত কৰিছে এই ভয়ংকৰ দিশ। যোৱাকালি স্থানীয় একাংশ সাংবাদিককে হোৱা কথা-বতৰাত ধুবুৰীৰ পৰা সংগ্ৰহিত গাখীৰ নমুনা একাংশ নিম্ন মানদণ্ডৰ পোৱা যোৱা বুলি ই-মেইল যোগে পোৱা বুলি জনাইছে বিষয়াগৰাকীয়ে। তেখেতৰ ভাষ্যত পৰীক্ষাগাৰত প্ৰেৰণ কৰা গাখীৰৰ নমুনা একাংশত পাউডাৰ জাতীয় সামগ্ৰীকে ধৰি মানৱ শৰীৰৰ ভাবে অত্যন্ত ক্ষতিকাৰক ফৰ্মেলিনজাতীয় ৰাসায়নিক সামগ্ৰী পোৱা বুলিও এক ভয়ংকৰ দিশ উঠি আহিছে। উল্লেখ্য যে, বিগত ১ জুলাইৰ পুৱা ধুবুৰীৰ বৰলুইতৰ কাছাৰী পাৰঘাটৰ সন্মুখৰ ৰাজপথৰ দাঁতিত এগৰাকী গাখীৰ বিক্ৰেতাই গাখীৰত কেমিকেল জাতীয় কিবা দ্ৰব্য মিহলি কৰি থকা প্ৰত্যক্ষিত কৰিছিল ৰাইজে। সেই ঘটনাই ধুবুৰীত গাখীৰৰ নামত কি বিক্ৰী কৰি থকা হৈছে বুলি চহৰখনৰ সৰ্বস্তৰৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। বিষয়টো লৈ আনকি প্ৰশাসন আৰু খাদ্য সুৰক্ষা বিভাগৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল জনমানসত। ৰাইজৰ তুমুল সমালোচনাৰ সম্মুখীন হোৱাৰ পিছত বিগত ২ জুলাইৰ পৰা ধুবুৰীৰ কাছাৰী পাৰঘাটত খাদ্য সুৰক্ষা বিভাগৰ এটি দলে আৰম্ভ কৰিছিল অভিযান। পিছে গাখীৰৰ মানদণ্ড নিৰ্ণয় কৰাৰ কোনো ধৰণৰ নূন্যতম সাঁ-সঁজুলি নথকা হেতুকে খাদ্য সুৰক্ষা বিভাগৰ সেই অভিযান বাস্তবত এক ভেকোভাওনা বুলি ৰাইজৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল দলটোৱে । পিছলৈ গৈ বিগত ৮ জুলাইৰ দিনা ধুবুৰীত খাদ্য সুৰক্ষা বিভাগে চলন্ত পৰীক্ষাগাৰেৰে আৰম্ভ কৰিছিল গাখীৰৰ মানদণ্ড নিৰূপণৰ সমান্তৰালকৈ নমুনা সংগ্ৰহৰ কাম। সংগৃহিত সেই গাখীৰৰ একাংশ নমুনাত ফৰ্মেলিনজাতীয় ৰাসায়নিক দ্ৰব্য মিহলি কৰাৰ বিষয়টো ধুবুৰীত জনস্বাস্থ্যৰ প্ৰতি এক অশনি সংকেত কঢ়িয়াই অনা বুলিয়েই পৰিগণিত হৈছে এতিয়া। উল্লেখ্য যে, ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বিভিন্ন চৰাঞ্চল পৰা প্ৰতিদিনে শ শ লিটাৰ গৰু আৰু মহৰ গাখীৰ লৈ চহৰখনলৈ আগমন ঘটে বহু গাখীৰ বিক্ৰেতাৰ। ইয়াৰে একাংশই লোকৰ ঘৰে ঘৰে গৈ গাখীৰ বিক্ৰী কৰাৰ বিপৰীতে আন একাংশই ধুবুৰীৰ বিভিন্ন বজাৰত গাখীৰ বিক্ৰী কৰে। তদুপৰি চহৰখনৰ অধিকাংশ সৰু-বৰ চাহ-মিঠাইৰ দোকান, ৰেষ্টুৰেন্ট আদিও চৰাঞ্চলৰ পৰা অহা গাখীৰ বিক্ৰেতাৰ পৰাই গাখীৰ ক্ৰয় কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like