নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ অসম চৰকাৰে ঘোচখোৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাচতো অসৎ কৰ্মচাৰীসকলৰ ঘোচ লোৱাৰ প্ৰৱণতা আঁতৰ হোৱা নাই ৷ প্ৰায় প্ৰতিদিনেই ঘোচখোৰ কৰ্মচাৰীয়ে হাতেলোটে ধৰা পৰি হাত দাঙিব লগা হোৱা ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৷ বঙাইগাঁৱৰ অভয়াপুৰীত আজি উৎকোচ লোৱা অৱস্থাতে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোতে ধৰা পেলায় বিদ্যালয় এখনৰ উচ্চবৰ্গৰ সহায়ক এজনক। জানিব পৰামতে, যোগীঘোপা থানাৰ অন্তৰ্গত বৰজানা উচ্চ বিদ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক আবাদত আলী আহমেদে এগৰাকী শিক্ষয়িত্ৰীৰ এনপিএছ একাউণ্ট ট্ৰেন্সফাৰৰ নামত ধন লৈছিল ঘোচখোৰ কৰ্মচাৰীগৰাকীয়ে। শিক্ষয়িত্ৰীগৰাকীৰ স্বামীৰ অভিযোগৰ ভিত্তিত ভিজিলেঞ্চে জাল পেলাই অভয়াপুৰীৰ হোটেল এখনত উৎকোচ লৈ থাকোতেই হাতে লোটে ধৰা পেলায় আবাদত আলী আহমেদক । বাতৰি লিখা পৰলৈ জেৰা অব্যাহত ৰাখিছে আবাদতক।
প্ৰেৰক অপূৰ্ব কুমাৰ দাস