ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত উপস্থিত হৈ কি ক’লে জুবিন গাৰ্গে ?
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ বহু প্ৰতীক্ষাৰ অন্তত আজি সন্ধিয়া সৰুসজাইত অনুষ্ঠিত হৈছে বৰ্ণাঢ্য অভিজাত ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান । বলীউডৰ তাৰকা-মহাতাৰকা সমাহাৰে উজলি উঠিছে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ চৌহদ ।
ইপিনে এই বঁটা প্ৰদান অনুষ্ঠানত মূৰত গামোচা পিন্ধি উপস্থিত হ’ল হাৰ্টথ্ৰৱ জুবিন গাৰ্গ । সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত কণ্ঠশিল্পীগৰাকীয়ে ক’লে- “তেওঁলোক আলহী হিচাপে আহিছে ! আমি উদ্যোক্তা হিচাপে তেওঁলোকক চোৱাটো আমাৰ দায়িত্ব । তেওঁলোকৰ যাতে একো অসুবিধা নহয় ! মই সেইবাবেই আহিছো ।”
লগতে কণ্ঠশিল্পীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত আজিৰ অনুষ্ঠানত সংগীত পৰিৱেশন নকৰাৰ কথাও উল্লেখ কৰে ।