শেহতীয়াকৈ হাতীৰ সংখ্যা উদ্বেগজনকভাৱে হ্রাস পাইছে৷ অধ্যয়নত প্রকাশ পাইছে যে যোৱাটো দশকত হাতীৰ সংখ্যা ৬২ শতাংশ হ্রাস পাইছে আৰু পৰৱর্তী দশকৰ শেষৰ ফালে হাতী বিলুপ্ত হ’বও পাৰে৷ একেটা অধ্যয়নত প্রকাশ পোৱা অনুসৰি আফ্রিকাত প্রতিদিনে ১০০টাতকৈও অধিক হাতী চোৰাং চিকাৰীয়ে দাঁত, হাড আৰু মাংসৰ বাবে হত্যা কৰে৷ বর্তমান আফ্রিকাৰ হাতীৰ সংখ্যা চাৰি লাখৰ ওচৰা–উচৰি৷ ১৯৮৯ চনত বিপন্ন প্রজাতিৰ আন্তর্জাতিক বাণিজ্য চুক্তিয়ে সমগ্র বিশ্বতে হাতী দাঁতৰ ব্যৱসায় নিষিদ্ধ কৰিছিল৷ কিন্তু গোপনে সেই ব্যৱসায় চলি আছে৷ হাতী দাঁতৰ দাম ক’লা বজাৰত পূর্বতকৈ তিনিগুণ বৃদ্ধি পালে৷ আনহাতে এছিয়াৰ হাতীৰ শাৰীৰিক বৈশিষ্ট্য আফ্রিকাৰ হাতীতকৈ পৃথক আৰু ইয়াৰ সংকৰণ কৰিব নোৱাৰি৷ এছিয়াৰ ১৩খন দেশত হাতী আছে আৰু মাত্র ৪০ হাজাৰ হাতীহে জীয়াই আছে৷ কাৰণ এছিয়াৰ হাতীও চোৰাং চিকাৰীয়ে হত্যা কৰাৰ লগতে ধর্মীয় কাম–কাজ আৰু মনোৰঞ্জনৰ বাবে হাতী ব্যৱহাৰ কৰা হয়৷ আনহাতে হাতী আৰু মানুহৰ সংঘাত হাতী বিলুপ্ত হোৱাৰ অন্যতম কাৰণ৷ হাতী–মানুহৰ সংঘাতৰ অন্যতম কাৰণ হাতীৰ আৱাসস্থল ধ্বংস৷ মানুহে নিজৰ স্বার্থৰ বাবে হকে–বিহকে বন ধ্বংস কৰিছে৷ উন্নয়নৰ নামত সংকুচিত কৰা হৈছে বনাঞ্চল৷ উন্নয়নৰ বাবে হাইৱে নির্মাণ, ৰে’লপথ নির্মাণ, ডাঙৰ ডাঙৰ উদ্যোগ স্থাপন, বাগান স্থাপনে হাতীৰ জীৱনলৈ ভাবুকি আনিছে৷ কাৰণ হাতীয়ে সিহঁতৰ আৱাসস্থল হেৰুৱাইছে৷ বনাঞ্চলত মানুহৰ বেদখল হাতী–মানুহৰ সংঘাতৰ অন্যতম কাৰণ হৈ পৰিছে৷ খাদ্য–বাসস্থান হেৰুৱাই হাতী গমন কৰিছে জনাঞ্চললৈ৷ হাতীয়ে সন্মুখীন হোৱা সমস্যা সমাধানৰ বাবে সিহঁতৰ আৱাসস্থল সংৰক্ষণ কৰাটো নিতান্তই প্রয়োজনীয়৷ কাৰণ হাতী–মানুহৰ সংঘাতে মানুহ আৰু হাতী উভয়ৰে প্রাণ লয়৷ শস্য চপোৱাৰ সময়ত হাতীৰ জাক পথাৰত নামি খেতিয়কৰ সপোন মুহূর্ততে শেষ কৰে৷ হাতীক খেদিবলৈ অহা মানুহৰো হাতীৰ গচকত প্রাণ যায় আৰু মানুহেও ভিন্ন উপায় অৱলম্বন কৰি হাতী খেদিবলৈ চেষ্টা কৰে আৰু তেনে কৰোঁতে কেতিয়াবা হাতীৰো মৃত্যু হয়৷ হাতী–মানুহৰ সংঘাতে একোটা অঞ্চলৰ অর্থনৈতিক পৰিকাঠামো সমূলি ধ্বংস কৰে৷ অসমৰ বিভিন্ন ঠাইত হাতীৰ ভয়তে মানুহে খেতি কৰিবলৈ এৰি দিছে৷ বহু হেক্টৰ মাটি ছন পৰি আছে৷
আজি বিশ্ব হস্তী দিৱস৷ এইবাৰ হস্তী দিৱসৰ মূল বিষয়বস্তু হৈছে– বহনক্ষম ভৱিষ্যতৰ বাবে হাতীৰ আৱাসস্থল সুৰক্ষা কৰা৷ হস্তীদণ্ডি বা হাতীৰ অহা–যোৱা কৰা পথ ৰুদ্ধ হোৱাৰ ফলত হাতী উগ্র হৈ পৰে৷ প্রতিবছৰে হাতীয়ে ভাৰতত ৫০০জন মানুহক হত্যা কৰে৷ শস্য পকাৰ সময়ত সাধাৰণতে জনাঞ্চললৈ হাতীৰ আগমন বেছি হয়৷ বন্যপ্রাণী অধ্যয়ন কেন্দ্রৰ বেংগালুৰুত অৱস্থিত মূল কার্যালয়ৰ সংৰক্ষণ বিজ্ঞানী আৰু কার্যবাহী সঞ্চালক কীর্তি কাৰানাথে কয় যে ভাৰতৰ এটা ডাঙৰ প্রত্যাহ্বান হৈছে যে আমাৰ দেশত বন্যপ্রাণীৰ বাবে ৫ শতাংশতকৈও কম মাটি ৰখা হৈছে আৰু সংৰক্ষিত অঞ্চলৰ কাষতে বা ভিতৰত লাখ লাখ লোক বাস কৰে৷ অসমতে দেখা গৈছে যে বিভিন্ন অঞ্চলত চাহ বাগান আৰু ঘৰ সাজি হাতীৰ আৱাসস্থল কব্জা কৰা হৈছে, যাৰ ফলত হাতী আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে৷ আমাৰ দেশত ১০০খনতকৈও অধিক ৰাষ্ট্রীয় উদ্যান আৰু প্রায় ৩০টা হাতী সংৰক্ষিত বনাঞ্চল আছে যদিও দেশখনৰ ৪০ হাজাৰ হাতীৰ অধিকাংশই এই সংৰক্ষিত অঞ্চলসমূহৰ বাহিৰত বাস কৰে আৰু খাদ্যৰ সন্ধানৰ বাবে ঘূৰিবলৈ সিহঁতৰ খুব কম ঠাইহে আছে৷ সেইবাবেই হাতীৰ লগত মানুহৰ সংস্পর্শ বৃদ্ধি পাইছে৷ প্রায় ১০ ফুট ওখ আৰু পাঁচ টনপর্যন্ত ওজনৰ এটা হাতীয়ে প্রতিদিনে প্রায় ১৫০ কিলোগ্রাম খাদ্য খায় – বেছিভাগেই ঘাঁহ, পাত আৰু বাকলি৷ কিন্তু কুঁহিয়াৰ, ধান আৰু কলৰ দৰে শস্যৰ প্রতি সিহঁত বিশেষভাৱে আগ্রহী হয় আৰু বনত খাদ্যৰ অভাৱ হ’লেই জনাঞ্চললৈ আহে৷ মানুহ আৰু হাতীৰ শান্তিপূর্ণভাৱে সহ–স্তিত্বৰ উপায় বিচাৰি উলিয়াবলৈ চৰকাৰ, সংৰক্ষণবিদ আৰু জনসাধাৰণ একত্রিত হৈ এই সমস্যাটো হ্রস্ব আৰু দীর্ঘম্যাদী দুয়ো প্রকাৰে সমাধানৰ বাবে একত্রিত প্রচেষ্টাৰ প্রয়োজন৷ বনাঞ্চল আৰু হাতীৰ প্রব্রজনৰ ‘কৰিডৰ’ বা হস্তীদণ্ডিৰ মাজেৰে যোৱা বনাঞ্চলসমূহ পুনৰুদ্ধাৰ আৰু সুৰক্ষা দি হাতী–মানুহৰ সংঘাত ৰোধৰ লগতে হাতীক বিলুপ্তিৰ পৰা ৰক্ষা কৰিব পৰা যাব৷ এই হস্তী দিৱসৰ পৰাই সকলোৱে হাতীৰ আৱাসস্থলত অনধিকাৰ প্রৱেশ নকৰাৰ সংকল্প ল’লে হাতী–মানুহ উভয়ৰে বাবে নিশ্চয়কৈ মংগলজনক হ’ব৷