নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংকঃ ডিব্রুগড়ত মালয়েছিয়াৰ পৰা অহা ব্যক্তিক এএমচিত ভর্তি

নিয়মীয়া বাৰ্তা , ১৬ ফেব্রুৱাৰীঃ চীনৰ লগতে ২০খনৰো অধিক দেশত ভয়ংকৰভাৱে সংক্রমিত ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ সন্দেহত শনিবাৰে ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ টিবি ৱার্ডৰ এক বিশেষ আছুতীয়া কক্ষত চহৰখনৰ শান্তিপাৰাৰ এজন ৪৫ বছৰীয়া লোকক ভর্তি কৰোৱা হয় ৷ জানিব পৰা মতে, সুদূৰ মালয়েছিয়াৰ এটা তৈল কোম্পানীত কর্মৰত লোকজন যোৱা ৭ ফেব্রুৱাৰীত কলকাতা হৈ ডিব্রুগড়লৈ আহিছিল ৷ কলকাতাৰ বিমানবন্দৰত তেওঁ স্বাস্থ্য পৰীক্ষা নকৰাকৈ গুচি অহাত মোহনবাৰী বিমানবন্দৰত স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু কর্মচাৰীয়ে লোকজনক পৰীক্ষা কৰি ডিব্রুগড়ৰ নিজ গৃহতে ৰাখি নিৰীক্ষণ কৰি আছিল ৷ শনিবাৰে লোকজনৰ কিছু মূৰৰ বিষ আৰু সামান্য জ্বৰ হোৱা বুলি জানিব পাৰি ততাতৈয়াকৈ অসম মেডিকেল কলেজৰ আছুতীয়া কক্ষলৈ স্থানান্তৰ কৰে ৷

লগে লগে লাহোৱালস্থিত আঞ্চলিক গৱেষণাগাৰৰ পৰা তিনিগৰাকী বিশেষজ্ঞ আহি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেজৰ নমুনা সংগ্রহ কৰে বুলি ডিব্রুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালক কার্যালয়ৰ চিকিৎসা বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে জানিবলৈ দিছে ৷ তেওঁ কয় যে বর্তমানে ৰোগীজনক সম্পূর্ণ নিৰীক্ষণত ৰখা হ’ব ৷ ব্যক্তিজন ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটা মালয়েছিয়াৰ পৰা অহা বাবে এনে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা বুলি চিকিৎসা বিষয়া গগৈয়ে মত পোষণ কৰে ৷ ইফালে, শনিবাৰে সন্ধিয়া ডিব্রুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সাংবাদিকক কয় যে বহিঃৰাষ্ট্রৰ পৰা অহা সকলো লোকক নিৰীক্ষণত ৰখা হৈছে ৷ কিবা উপসর্গই দেখা দিলেই জৰুৰীভাৱে চিকিৎসাৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে ৷

উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে দেশৰ বিভিন্ন বিমানকোঠ আৰু অসমকে ধৰি কেইবাখনো ৰাজ্যত সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে ৷ মোহনবাৰী বিমানবন্দৰতো দৈনিক বিদেশৰ পৰা অহা যাত্রীসকলক পৰীক্ষা কৰা হয় ৷ অসম চিকিৎসা মহাবিদ্যালয়ত দহখন বিছনাযুক্ত এটা বিশেষ আছুতীয়া কক্ষ সাজু কৰি ৰখা হৈছে সন্দেহজনক ৰোগীক চিকিৎসাৰ বাবে ৷ এই বাতৰি বিয়পি পৰাৰ পাছত ডিব্রুগড়ত আতংক সৃষ্টি হৈছে ৷

You might also like