নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৱব্ৰত শ‍ইকীয়াক সকীয়ালে ছুপ্ৰিম ক’ৰ্টৰ মুখ্য ন্যায়াধীশে

🔹 ধলপুৰ-গৰুখুঁটিৰ উচ্ছেদক লৈ ন্যায়ালয়ত ৰাজনৈতিক ভাষণ নিদিবলৈ নিৰ্দেশ

🔹 চৰকাৰী ভূমি বেদখলকাৰীক পুৰস্কৃত কৰিব বিচাৰিছে নেকি ?

বিশেষ বাৰ্তা, ১৩ আগষ্ট : দেশৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাই মুখ্য ন্যায়াধীশৰ ৰোষত পৰিছে ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া। আনকি ন্যায়ালয়ৰ মজিয়াত ৰাজনৈতিক ভাষণ নিদিবলৈ শ‍ইকীয়াক সকীয়াই দিছে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে। মূলতঃ যোৱা বছৰ ছেপ্টেম্বৰ মাহৰ অসমৰ গৰুখুঁটি আৰু ধলপুৰৰ উচ্ছেদ অভিযানক সন্মুখত ৰাখি উচ্ছেদ অভিযানক লৈ সমৰ্থ দেশত এখন ৰাষ্ট্ৰীয় পৰামৰ্শাৱলী জাৰি কৰিবলৈ শ‍ইকীয়াই অলপতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, জে বি পার্ডিবালা আৰু মনোজ মিশ্ৰৰে গঠিত বিচাৰপীঠত কালি হোৱা শুনানি কালত শ‍ইকীয়াৰ হৈ জ্যেষ্ঠ অধিবক্তা চি ইউ সিঙৰ বক্তব্য আছিল— মইমতালি, কোনো জাননী অবিহনে উচ্ছেদ অভিযানৰ নামত বুলড’জাৰ চলাই ভাৰতবৰ্ষ এতিয়া এখন নিষ্ঠুৰ দেশত পৰিণত হৈছে। এই কথা শুনা মাত্রেই মুখ্য ন্যায়াধীশ চন্দ্রচূড় ক্ষুব্ধ হৈ উঠে। তেওঁ কয়— ন্যায়ালয়ত ৰাজনৈতিক ভাষণ দিয়া বন্ধ কৰক। চৰকাৰী ভূমিত হোৱা বেদখলক পুৰস্কৃত কৰিব বিচাৰিছে নেকি আপুনি (দেৱব্ৰত শ‍ইকীয়া)? গৰুখুঁটি আৰু ধলপুৰৰ উচ্ছেদ অভিযানক প্রত্যাহ্বান জনাই দেৱব্ৰত শ‍ইকীয়াই পূৰ্বতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰো কাষ চাপিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে চলিত বছৰৰ জানুৱাৰী মাহত শ‍ইকীয়াই কৰা আবেদনৰ বিৰুদ্ধেহে ৰায়দান কৰিছিল। ইপিনে, আজি মুখ্য ন্যায়াধীশৰ প্রশ্ন- গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান কৰাৰ ৮ মাহ পিছত কিয় শ‍ইকীয়াই উচ্চতম ন্যায়ালয়ত আবেদন জনাবলৈ আহিছে? যদি আপুনি (শ‍ইকীয়া) ইমানেই উদ্বিগ্ন, তেন্তে ইমান দিন কিয় অপেক্ষা কৰি আছিল? লক্ষণীয়ভাৱে জ্যেষ্ঠ অধিবক্তাজনে শ‍ইকীয়াৰ হৈ বিভিন্ন যুক্তি দাঙি ধৰি বাৰম্বাৰ অনুৰোধ জনোৱা সত্ত্বেও মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে শ‍ইকীয়াৰ আবেদন খাৰিজ কৰে। অৱশ্যে ধলপুৰ আৰু গৰুখুঁটিৰ পৰা উচ্ছেদিত ৭০০ পৰিয়ালৰ ভিতৰত ১০০টা পৰিয়ালে এতিয়াও পুনৰ সংস্থাপন নোপোৱা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে সংশ্লিষ্ট জিলা আয়ুক্তসকলক জবাবদিহি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। উচ্চ ন্যায়ালয়ে ৬ মাহৰ ভিতৰত পুনৰ সংস্থাপন দিয়াৰ নিৰ্দেশ জাৰি কৰাৰ পাছতো প্ৰশাসনে ১০০টা পৰিয়ালক কিয় এতিয়ালৈ পুনৰ সংস্থাপন দিয়া নাই, এই বিষয়ত শ‍ইকীয়াই বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ আবেদন জনাব পাৰে বুলি মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে প্ৰদান কৰা নিৰ্দেশনাত উল্লেখ কৰে।

You might also like