🔹 ফুটকিবাৰী কাণ্ডৰ মাষ্টাৰ মাইণ্ডলৈ আৰক্ষীৰ গুলী
🔹 চিকিৎসাধীন গুলীবিদ্ধ ৰফিকুল
নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : আকৌ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ এনকাউন্টাৰৰ স্থান বিলাসীপাৰা মহকুমাৰ শালকোচাৰ খাচিখোলা গাঁও। নিশা লুকুৱাই ৰখা পিষ্টল উদ্ধাৰ কৰিবলৈ গৈ আৰক্ষীৰ এনকাউন্টাৰৰ সন্মুখীন হয় দুৰ্ধৰ্ষ অপৰাধী ৰফিকুল ইছলাম। উল্লেখ্য যে পৰহি কাহিলিপুৱাতে ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী ফুটকিবাৰী শাশাৰগাঁৱত ৰফিকুলৰ নেতৃত্বত তিনিজনীয়া দুৰ্বৃত্তৰ দলে তাণ্ডৱ সৃষ্টি কৰি পলায়ন কৰিছিল। দুৰ্বৃত্তৰ দলটোৱে দৌৰিবলৈ ওলোৱা নন্দন নাথক পিষ্টলৰ কুণ্ডাৰে উপৰ্যুপৰি আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল। চিঞৰ-বাখৰ শুনি গঞা ৰাইজ আগবাঢ়ি অহাত শূন্যলৈ গুলীচালনা কৰি পলায়ন কৰিছিল। ঘটনা সন্দৰ্ভত ধুবুৰীৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোক বিচাৰি তীব্র অভিযান চলায়। অভিযানকাৰী দলটোৱে গুলীচালনা কৰা কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰফিকুল ইছলামক খেদি খেদি ধৰাৰ লগতে চক্ৰটোৰ আন ৬জনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে সদৰী কৰা মতে, কালি নিশা আৰক্ষীৰ এটা দলে ৰফিকুলে লুকুৱাই ৰখা পিষ্টল উদ্ধাৰ কৰিবলৈ চাপৰ থানাৰ অন্তৰ্গত শালকোচাৰ খাচিখোৱা গাঁৱত উপস্থিত হয়। এনে অৱস্থাতে ছেগ বুজি আৰক্ষীক আক্ৰমণ কৰি ৰফিকুলে পলাবলৈ লয়। আৰক্ষীয়ে দুইজাঁই গুলীচালনা কৰি ৰ’বলৈ নিৰ্দেশ দিয়ে। কিন্তু গুলীচালনাৰ মাষ্টাৰ মাইণ্ড ৰফিকুলে এই নিৰ্দেশক কেৰেপ নকৰাত উপায়হীন হৈ আৰক্ষীয়ে ভৰিত গুলী কৰে। গুলীবিদ্ধ ৰফিকুলক পুনৰ আটক কৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়। সম্প্ৰতি চিকিৎসাধীন অবস্থাত আছে যদিও সুস্থ বুলি জানিব পৰা গৈছে।
প্ৰেৰক সমৰেশ শীল শৰ্মা