নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠ বছৰীয়া কন্যাক থৈছিল পিতৃগৃহত, ককাকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

ডিজিটেল ডেস্ক, ২৫ জুলাই : তেজপুৰত সংঘটিত হৈছে এক আজব কাণ্ড৷ ককা-নাতিৰ যি মধুৰ সম্পৰ্ক, সেই সম্পৰ্কক কলুষিত কৰি কেইটামান টকাৰ বাবে নিজৰ নাতিক ককাকে বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷

উল্লেখ্য যে জাগীৰোড কাঁহিকুচিৰ জনৈক আলীৰ স’তে বিবাহপাশত আবদ্ধ হয় তেজপুৰৰ পৰোৱা খনামুখৰ জনৈক বেগম৷ খবৰ অনুসৰি, ৮ বছৰীয়া কন্যাক চলিত বৰ্ষৰ জানুৱাৰীৰ ১৩ তাৰিখে খনামুখৰ পিতৃগৃহত থৈ গৈছিল স্বামী-স্ত্ৰীহালে৷

পিছত “ককাকৰ ঘৰত নাতি সুখে-সন্তোষে আছে”— এই আশা লৈ তিনি দিন পূৰ্বে পিতৃগৃহত উপস্থিত হয় দুই স্বামী-স্ত্ৰী৷ পিছে পিতৃগৃহত উপস্থিত হৈ সন্তানৰ উপস্থিতি দেখা নাপালে পিতৃ-মাতৃয়ে৷ ৮ বছৰীয়া কন্যাক বিচাৰি চলাথ কৰিও কোনো শুংসূত্ৰ নাপালে পিতৃ-মাতৃয়ে।

এনেতে গাঁওবাসীয়ে দিলে এক গুৰুতৰ অভিযোগ৷ ককাকে নাতিক বিক্ৰী কৰাৰ অভিযোগ দিলে কণমানি সন্তানটিৰ পিতৃ-মাতৃক৷ এই অভিযোগ শুনি হঠাৎ সৰগ ভাগি পৰা দুৰ্ভগীয়া স্বামী-স্ত্ৰী উপস্থিত হয় তেজপুৰ মহাভৈৰৱ আৰক্ষী চকীত৷

ককাকে নাতিক বিক্ৰী কৰাৰ অভিযোগ তুলি নিজ পিতৃ বাবুল আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে জনৈক বেগমে৷ আনহাতে, সন্তানক বিক্ৰী কৰা ঘটনাৰে বাবুল আলীৰ দ্বিতীয় পত্নী তথা মাহীমাক বেবিনা বেগমো জড়িত থকাৰ কথা উল্লেখ কৰে এজাহাৰত৷

ইফালে, পেছাত গাড়ীচালক বাবুল আলীয়ে এই ঘটনা পোহৰলৈ অহাৰ পিছতে পলায়ন কৰাৰ অভিযোগ তুলিছে জীয়ৰী জনৈক বেগমৰ লগতে গাঁওবাসীয়ে৷ মহাভৈৰৱ আৰক্ষীয়ে বিষয়টোৰ গুৰুত্ব বুজি বাবুল আলীক বিচাৰি অনুসন্ধান অব্যাহত ৰখাৰ লগতে দ্বিতীয় পত্নী বেবিনা বেগমক আটক কৰিছে৷ গুৰুত্বপূৰ্ণ এই বিষয় সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

You might also like