নিয়মীয়া বাৰ্তা,১৬ ফেব্রুৱাৰীঃ নগাঁও চহৰৰ এখন ব্যক্তিগত খণ্ডৰ আগশাৰীৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত শনিবাৰে এজন ছাত্রই শ্রেণীত পাঠদান চলি থকাৰ সময়তে আত্মহত্যা কৰা ঘটনাক লৈ উত্তেজনাৰ সৃষ্টি হয় ৷ ছাত্রজনে আত্মহত্যা কৰা ঘটনাৰ ন্যায় বিচাৰি নগাঁৱৰ উৰিয়াগাঁৱত শতাধিক লোকে টায়াৰ জ্বলাই পথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে চহৰখনৰ আমোলাপট্টিৰ শিৱনগৰস্থিত নৱৰূপ জাতীয় বিদ্যাপীঠৰ দশম শ্রেণীত অধ্যয়নৰত উৰিয়াগাঁৱৰ চুতীয়া গাঁৱৰ ছাত্রজনে শনিবাৰে সময়মতে বিদ্যালয়লৈ আহি শ্রেণীত উপস্থিত হয় ৷ বিদ্যালয়ৰ পাঠদান কৰি থকা অৱস্থাতে ছাত্রজনে আত্মহত্যা কৰে ৷
ঘটনাটো পোহৰলৈ অহাৰ পিছত বিদ্যালয়খনত হুৱাদুৱা লাগে ৷ আৰক্ষীয়ে জনোৱা মতে ছাত্রজনে বিদ্যালয়খনৰ কেইবামহলীয়া বিল্ডিঙৰ ছাদত উঠি নাৰিকলৰ ৰছীৰে চিপ লৈ আত্মহত্যা কৰে ৷ বিদ্যালয়খনৰ নৱনির্মিত ভৱনৰ কংক্রিটৰ ছাদৰ পৰা ওলাই থকা লোহাৰ ৰডত নাৰিকলৰ ৰছীৰে বান্ধি ছাত্রজনে চিপ লয় ৷ নগাঁৱৰ অগ্রণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যালয়ত ছাত্রই চিপ লৈ আত্মহত্যা কৰা ঘটনাৰ ন্যায় বিচাৰি সন্ধিয়া নগাঁও চহৰৰ সমীপৰ উৰিয়াগাঁও চাৰিআলিত একাংশ লোকে পথ অৱৰোধ কৰে ৷ বিদ্যালয় কর্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন প্রতিবাদী ধ্বনি দি কেইবাশ লোকে পথ অৱৰোধ কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে ৷ প্রতিবাদকাৰীসকলে বিদ্যালয় কর্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী জনায়৷ বাতৰি লিখা পর্যন্ত পৰিস্থিতি উত্তেজনাপূর্ণ হৈ আছে ৷