নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত স্বাধীনতা দিৱস পালন

বিশেষ বাৰ্তা, ১৬ আগষ্ট : তিনিচুকীয়াতো স্বাধীনতা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়। এই উপলক্ষে তিনিচুকীয়া ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত তিনিচুকীয়াৰ মুক্তিযোদ্ধাৰ পৰিয়াল বৰ্গ, বিশিষ্ট নাগৰিক, সাংবাদিক, ৰাইজ তথা বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত মন্ত্ৰী নন্দিতা গাৰ্লোছাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে দেশ মাতৃৰ হকে আত্মবলীদান দিয়া স্বাধীনতা সংগ্রামী সকললৈ গভীৰ শ্রদ্ধা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে দেশৰ ঐক্য অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বিভেদকামী শক্তি সমূহক বিনাশ কৰি ঐক্য শান্তি প্ৰেম পৰম্পৰা আৰু ধর্মীয় অনুভূতি ৰক্ষা কৰি ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত জনগণৰ বিশেষ ভূমিকা আছে বুলিও উল্লেখ কৰে। ৰাইজৰ সহায় সহযোগিতাৰেহে দেশ তথা ৰাজ্যখনৰ উন্নয়ন সম্ভৱ বুলি কৈ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে জনগণৰ কল্যাণৰ হকে লোৱা বিভিন্ন আঁচনিৰ কাম তিনিচুকীয়া জিলাত সফলতাৰে ৰূপায়ন হৈ থকাৰ কথা উল্লেখ কৰি জিলাখনৰ কৃষি, স্বাস্থ্য, পশুপালন, গ্রমোন্নয়ন, জলসম্পদ, জনস্বাস্থ্য, শিক্ষা আদি বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ন কৰি থকা বিভিন্ন আঁচনিৰ খতিয়ান দাঙি ধৰে। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এন.চি.চি, স্কাউট-গাইড তথা জিলাখনৰ বিভিন্ন বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা কুচ-কাৱাজৰ অভিবাদন গ্রহণ কৰে।

প্ৰেৰক বিবেক বড়া

You might also like