নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰৰ চাফাই অভিযান

নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : ধুবুৰী জিলাৰ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱানিশা চোৰে চলালে চাফাই অভিযান । নিশা চোৰে লুটি নিলে লক্ষাধিক টকাৰ সা-সামগ্ৰীৰ লগতে নগদ ধন । আলমাৰিৰ তলা ভাঙি নগদ ধন চুৰি কৰাৰ লগতে চিচি টিভিৰ বক্স, প্ৰিন্টাৰ আদি লুটি নিলে চোৰে । চোৰে অধ্যক্ষৰ কোঠালিকে ধৰি পাঁচোটাকৈ আলমিৰাৰ তলা ভাঙি নথিপত্ৰ তচনচ কৰে । হালাকুৰা আৰক্ষী চকীৰ পৰা মাত্ৰ দুশ মিটাৰ নিলগত থকা হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত চুৰিকাণ্ডৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত হালাকুৰা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও চোৰে স্মাৰ্ট আৰক্ষীৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে বুলি ৰাইজৰ মাজত বু বু বা বা  চলিছে । উল্লেখ্য যে আজি পুৱা ৮.৩০ বজাত বিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ক্ৰমে গন্ধা ৰায় আৰু দীপংকৰ দেই বিদ্যালয়খনত উপস্থিত হৈ অধ্যক্ষৰ কোঠালিৰ পিছফালৰ দুৱাৰ ভঙা দেখা পায় । পিছত অধ্যক্ষৰ কোঠালিৰ এটা আৰু উচ্চ বৰ্গৰ সহায়কৰ চাৰিটাকে ধৰি পাঁচোটা আলমিৰাৰ তলা ভাঙি ফাইল আদি ছেদিলি-ফেদিলি কৰে । আনকি অধ্যক্ষৰ আলমিৰাত থকা আনুমানিক ১৫ হাজাৰ টকা আৰু চি চি কেমেৰাৰ বক্স, মনিটৰ আদি লৈ যায় । আনহাতে, বিদ্যালয় কৰ্তৃপক্ষই ২৪ ঘন্টাৰ ভিতৰত হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুৰিকাণ্ডৰ লগত জড়িত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ ধুবুৰী আৰক্ষী অধীক্ষকক অনুৰোধ জনায়। উল্লেখ্য যে একেখন আৰক্ষী চকীৰ অন্তৰ্গত জিনকাটা উচ্চ মাধ্যমিক বিদ্যালয়ত কেইদিনমান পূৰ্বে চুৰি কাৰ্য্য সংঘটিত হৈছিল ।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like