নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশৰ মাটিত অসম-সন্তানৰ সফলতা

🔹 Gold medal বিজয়ী ছহিদুল ইছলামক লৈ উৎফুল্লিত গৰৈমাৰীবাসী

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : থাইলেণ্ডৰ পাট্টায়াত অনুষ্ঠিত হোৱা 16th IDBF World Dragon Boat Reaching Championship” প্ৰতিযোগিতাত ভাৰতৰ মুঠ ৮১জন খেলুৱৈ অংশগ্ৰহণ কৰিছিল। ইয়াৰে বিভিন্ন Eventৰ খেলসমূহৰ ভিতৰত ভাৰতে “2000 meter Premier PD 2 Mix” ত Gold Medal পাবলৈ সক্ষম হয় আৰু Under 24 small boat mixত Bronze medal পাবলৈ সক্ষম হয়। Para ভাৰতীয় দলে Bronze medal পাবলৈ সক্ষম হয় আৰু PD2 500 meterত Silver Medal পাবলৈ সক্ষম হয়। ইয়াৰে Gold Medalপ্ৰাপ্ত Premier PD 2 mix 2000 meterৰ খেলখনত অসমৰ পৰা একমাত্ৰ স্থানপ্ৰাপ্ত প্ৰতিযোগীজন হৈছে গৰৈমাৰীৰ-মেৰগাণ্ডা গাঁৱৰ ছহিদুল ইছলাম।
আনহাতে, Silver Medalপ্ৰাপ্ত Premier PD2 500 meterৰ খেলখনত অসমৰ পৰা স্থানপ্ৰাপ্ত অন্য দুজন খেলুৱৈ হৈছে ছয়গাঁৱৰ ৰূপেন ৰাভা আৰু হাজোৰ ৰাজু আহমেদ। Bronze madalপ্ৰাপ্ত Under 24 small boat mix নামৰ অন্য এখন খেলত অসমৰ পৰা স্থান পায় শিৱসাগৰ ডিচাংমুখৰ জানমণি মিলি ৷ শুকুৰবাৰে স্বৰ্ণ পদকপ্ৰাপ্ত ছহিদুল ইছলামে গৰৈমাৰীৰ মেৰগাণ্ডাস্থিত ঘৰত উপস্থিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে বিপুলভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে এক বিশাল বাইক ৰেলী উলিয়াই ফটকা ফুটাই আনন্দ-উল্লাস কৰে গাঁওবাসীয়ে ৷

প্ৰেৰক ভগৱান দাস

You might also like