নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : আজি পবিত্ৰ ভাদ মাহৰ পহিলা দিন৷ ৰাজ্যৰ সত্ৰ-নামঘৰৰ লগতে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত আজিৰে পৰা আৰম্ভ হৈছে মাহজোৰা নাম মহোৎসৱ৷ পুৱাৰে পৰা জিলাখনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম হৈ চাকি-ধূপ, শৰাই, নৈবেদ্য আগবঢ়াই মহাপ্ৰভুৰ চৰণত সেৱা জনাই কুশল-মংগল কামনা কৰে৷ উল্লেখ্য যে বিগত বৰ্ষবোৰৰ তুলনাত এইবাৰ পবিত্ৰ ভাদ মাহৰ পহিলা দিনা নামঘৰলৈ পুৱাৰ পৰা অসংখ্য ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটে ৷জিলাখনৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা মটৰচাইকেল-চাৰিচকীয়া বাহন লৈ অহা পৰিলক্ষিত হৈছে৷ ইফালে, প্ৰথম দিনাৰ পৰা নামঘৰৰ চৌহদত ভক্তিপ্ৰাণ ৰাইজক বীৰ লাচিত সেনা আৰু সদৌ অসম অনুসূচিত জনজাতি ছাত্ৰ সন্হাই যৌথ উদ্যোগত ভক্তসকলক বিশুদ্ধ খোৱাপানী আৰু ফলমূলৰ ৰসেৰে আপ্যায়ন কৰিছে৷ প্ৰতিজন ভক্তই যাতে প্ৰসাদ লাভ কৰে, তাৰ কাৰণে সু-ব্যৱস্থা কৰিছে নামঘৰৰ কৰ্ণধাৰ সমিতিয়ে৷ পুৱাৰ পৰা যান-জঁট নিয়ন্ত্ৰণ, ভক্তৰ সুৰক্ষাৰ দিশটো গোলাঘাটৰ জিলা আৰক্ষী প্ৰশাসন, ঘিলাধাৰী আৰক্ষী থানা, ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীয়ে তদাৰক কৰাৰ লগতে ভক্তৰ স্বাস্থ্যৰ দিশটো জিলা স্বাস্থ্য বিভাগে চোৱাচিতা কৰিছে৷
প্ৰেৰক : পৰাগ বৰুৱা