নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ ষ্টেট বেংকৰ দহ লাখ টকাৰ সামগ্ৰী

বিশেষ বাৰ্তা, ১৯ আগষ্ট : ভাৰতীয় ষ্টেট বেংকে সামাজিক দায়বদ্ধতা শিতানৰ জৰিয়তে আজি মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ দহ লক্ষাধিক টকাৰ প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে । এই উপলক্ষ্যে আজি স্বাস্থ্য কেন্দ্ৰটোত অনুষ্ঠিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে সামগ্ৰীসমূহ কেন্দ্ৰটোৰ কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে । আজি স্বাস্থ্য কেন্দ্ৰটোত অনুষ্ঠিত এক চমু অনুষ্ঠানত ভাৰতীয় ষ্টেট বেংকৰ যোৰহাটৰ ক্ষেত্ৰীয় বাণিজ্য কাৰ্য্যালয়ৰ মুখ্য প্ৰৱন্ধক নন্দিতা দত্ত, মৰিয়নি শাখা ( ধোদৰ আলি শাখা )ৰ শাখা প্ৰৱন্ধক পলাশ বৰদলৈ আৰু উপ-প্ৰৱন্ধক প্ৰদীপ দাসে অংশগ্ৰহণ কৰে । সামগ্ৰীসমূহ অৰ্পণ কৰি ক্ষেত্ৰীয় মুখ্য প্ৰৱন্ধক নন্দিতা দত্তই কয়- স্বাস্থ্য সেৱা হৈছে সবাতোকৈ উত্তম সেৱা । এই সেৱা ব্যৱস্থাত পৰ্য্যাপ্ত সুবিধা নাথাকিলে একোটা অঞ্চল প্ৰভাৱিত হ’ব পাৰে । মৰিয়নিৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত সামান্য উন্নয়নৰ উদ্দেশ্যে ভাৰতীয় ষ্টেট বেংকৰ সামাজিক দায়বদ্ধতা শিতানৰ জৰিয়তে এই সামগ্ৰীসমূহ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে ইয়াৰ যোগেদি স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজ উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে । আনহাতে অনুষ্ঠানটোত মৰিয়নিৰ শাখা প্ৰৱন্ধক পলাশ বৰদলৈয়েও বক্তব্য প্ৰদান কৰি এই সহযোগিতাই অঞ্চলটোৰ ৰাইজক উপকৃত কৰিলে তেওঁলোকৰ উদ্দেশ্য সফল হ’ব বুলি উল্লেখ কৰি ভাৰতীয় ষ্টেট বেংক ৰাইজ সৈতে সদায় আছে বুলি মন্তব্য কৰে । ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰাৰ লগতে ফিতা কাটি সামগ্ৰীসমূহ কেন্দ্ৰটোৰ বাবে উচৰ্গা কৰে ক্ষেত্ৰীয় মুখ্য প্ৰৱন্ধক নন্দিতা দত্তই । উল্লেখযোগ্য যে আজি ভাৰতীয় ষ্টেট বেংকে দহ লক্ষাধিক টকাৰে মুঠ ৩৩ বিধ সামগ্ৰী প্ৰদান কৰে । ইয়াৰ ভিতৰত পাঁ‌চ কিলোৱাট ক্ষমতাসম্পন্ন এটা অত্যাধুনিক জেনেৰেটৰ ছেটো আছে । এই জেনেৰেটৰ প্ৰদানে স্বাস্থ্য কেন্দ্ৰটোৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিলে । প্ৰসূতি ৰোগী আৰু নৱজাতকৰ বাবে অত্যন্ত জৰুৰী এটা জেনেৰেটৰৰ অভাৱ স্বাস্থ্য কেন্দ্ৰটোত দীৰ্ঘদিনৰ পৰাই আছিল । চৰকাৰে সেই অভাৱ পূৰণ কৰিব নোৱাৰিলেও ভাৰতীয় ষ্টেট বেংকৰ সহযোগিতাৰে সেই অভাৱ সম্প্ৰতি পূৰণ হোৱাত সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰিছে । তদুপৰি দুটা অট’ ক্লেভ, চাৰ্জিকেল ট্ৰে, দুখন ষ্ট্ৰেচাৰ, চাৰিটা আই ভি ষ্টেণ্ড, ডিজিটেল বি পি মেচিন, ৱেইট মেচিন, পালছ অক্সিমিটাৰ, নিবুলাইজাৰ, ভেকুৱাম মেচিন আদিকে ধৰি বহুসংখ্যক চিকিৎসাৰ সামগ্ৰীৰ লগতে প্ৰয়োজনীয় আচবাব আদিও প্ৰদান কৰে । আজিৰ এই অনুষ্ঠানত স্বাস্থ্য কেন্দ্ৰটোৰ জ্যেষ্ঠ পৰিচাৰিকা নিৰুপমা হাজৰিকা, সংগীতা বৰা, বিউটি মাৰিয়া, ভানু মজুমদাৰ, ৰাজেন নেওগ, গগন কলিতা, জ্যোতি প্ৰসাদ শইকীয়া, গোলাপ বৰুৱা, শিক্ষক চহন কানু, জ্যেষ্ঠ সংবাদকৰ্মী দীপক দত্ত ( জোন ), সপোন ৰহমান শইকীয়া, গৌৰৱ চুতীয়া, চাজিদুৰ ৰহমান, জয় নাৰায়ণ ৰয়, শুভম দত্ত প্ৰমুখ্যে বহুসংখ্যক লোক উপস্থিত থাকে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like