বিশেষ বাৰ্তা, ১৯ আগষ্ট : নাৰায়ণপুৰস্থিত হিমন্ত বিশ্ব শৰ্মা অনুৰাগী গোট বিহপুৰীয়াৰ কাৰ্যালয়ত এখনি দিবা-নৈশ এদিনীয়া প্ৰাইজমানী (দ্বৈত) আমন্ত্ৰণমূলক কেৰম প্ৰতিযোগিতা ১৮ আগষ্টত অনুষ্ঠিত হয় ৷ হিমন্ত বিশ্ব শৰ্মা অনুৰাগী গোট বিহপুৰীয়াৰ দ্বাৰা পৰিচালিত উক্ত খেলখনত লখিমপুৰ জিলাৰ লগতে ধেমাজি আৰু শোণিতপুৰ জিলাৰ যথেষ্টসংখ্যক উদীয়মান যুৱ খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷ উক্ত খেলখনৰ শুভ উদ্বোধন কৰে বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন পৰিষদৰ অধ্যক্ষ দেৱানন্দ হাজৰিকাই। লগতে উপস্থিত থাকে নাৰায়ণপুৰ পৌৰসভাৰ পৌৰপতি হৰিশ চন্দুক, নাৰায়ণপুৰ জিলা পৰিষদৰ সদস্য ভাস্কৰ হাজৰিকাকে মুখ্য কৰি বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰবীণ শইকীয়া, পুলক বৰুৱা ৷ উক্ত প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে পংকজ বৰা আৰু ৰঞ্জিত বৰাই, দ্বিতীয় শ্ৰেষ্ঠ সন্মান লাভ কৰে পুনিত গগৈ আৰু বিশ্ব ৰাজখোৱাই, তৃতীয় শ্ৰেষ্ঠ সন্মান লাভ কৰে মইনা বৰুৱা আৰু যাদৱ লোহাৰে ৷