🔹 ককায়েকক বচাবলৈ গৈ মৃত্যু কনিষ্ঠ ভাতৃৰো
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : কামৰূপৰ বকোৰ হাহিমত শনিবাৰে দিনৰ ভাগত সংঘটিত এক শোকাৱহ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। খবৰ অনুসৰি বকোৰ হাহিম চেঁচাপানীৰ গুণেশ্বৰ বড়োৰ বাসগৃহত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। গুণেশ্বৰ বড়োই নিজ গৃহৰ বিদ্যুতৰ তাঁৰ মেৰামতি কৰি থাকোঁতে শ্বৰ্ট চাৰ্কিট হৈ বিদ্যুৎস্পৃষ্ট হয়। ককায়েক গুণেশ্বৰ বড়ো বিদ্যুৎস্পৃষ্ট হোৱাৰ লগে লগে কনিষ্ঠ ভাতৃ বীৰেন বড়োই ততাতৈয়াকৈ আহি ককায়েকক বচাবলৈ লওঁতে তেৱোঁ বিদ্যুৎস্পৃষ্ট হয়। পৰিয়ালৰ লোকৰ দ্বাৰা দুয়োজনকে ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ অনা হয় যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে। গুণেশ্বৰ বড়োৰ বয়স ৬৫ বছৰ আৰু ভাতৃ বীৰেন বড়োৰ বয়স ৫৮ বছৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে বকো আৰক্ষীয়ে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে।
প্ৰেৰক প্ৰীতম বায়ন