নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাত অতুল শইকীয়া হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : ঢকুৱাখনাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গুৱালদৈ বাটমাৰীত শীতল মস্তিষ্কৰে সংঘটিত কৰা এক নৃশংস হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দি হত্যাকাৰীক সুৰক্ষা দিয়াত ব্ৰতী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ বিৰুদ্ধে। ঘিলামৰা থানাৰ অন্তৰ্গত গুৱালদৈ বাটমাৰীৰ সৰবৰহী যুৱক অতুল শইকীয়া (লুলু)ৰ হত্যাকাণ্ডৰ উচিত বিচাৰ, হত্যাকাৰীৰ মৃত্যুদণ্ড আৰু আৰক্ষীৰ বিতৰ্কিত পক্ষপাতী আচৰণ ত্যাগৰ দাবীত আজি ঘিলামৰা থানা ঘেৰাও কৰি ৰাইজে এই অভিযোগ তোলে আৰক্ষীৰ বিৰুদ্ধে। ১৫ আগষ্টৰ নিশা স্বাভাৱিকভাৱেই তিনি বন্ধুৰ সৈতে গুৱালদৈ বাটমাৰী তিনিআলিত বাৰ্তালাপ কৰি থকা সুঠাম যুৱকজনক ৰহস্যজনকভাৱে ক্ষত-বিক্ষত অৱস্থাত মাছখোৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত শুকুৰবাৰে অকাল মৃত্যুক সাবটি লোৱা ঘটনা এক পৰিকল্পিত আৰু শীতল মস্তিষ্কৰ হত্যাকাণ্ড বুলি আত্মীয় আৰু ৰাইজে অভিযোগ কৰিছে ৷ ঘটনা সন্দৰ্ভত আত্মীয়ই পাছদিনাই আৰক্ষীক এই সন্দৰ্ভত গোচৰ দিবলৈ ঘিলামৰা থানাত উপস্থিত হৈছিল যদিও পৰিয়ালৰ এজাহাৰ ল’বলৈকো আগ্ৰহ প্ৰকাশ নকৰিলে আৰক্ষী বিষয়াই। আনহাতে চিকিৎসালয়ত জীৱন-মৰণৰ সতে যুজঁ দি থকা অতুল শইকীয়া সুস্থ হৈ আহিলে তেওঁৰ ভাষ্য গ্ৰহণ কৰি গোচৰ ল’ব বুলি পুনৰ ওভতাই পঠোৱা আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰাৰ পাছত গোচৰ গ্ৰহণ কৰে যদিও আৰক্ষীয়ে এই নিশ্চিত হত্যাকাণ্ডক পথ দুৰ্ঘটনা ৰূপ দি অপৰাধীক সুৰক্ষা প্ৰদান কৰিবলৈ উঠি-পৰি লাগিছে বুলি অঞ্চলবাসীযে অভিযোগ তুলি আজি ঘিলামৰা থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আজি পুৱা পশ্চিম মাছখোৱা অঞ্চলৰ শ শ পুৰুষ-মহিলাই ওলাই আহি অসম আৰক্ষীৰ পক্ষপাতী আচৰণ বন্ধ কৰক, অতুল হত্যাৰ উচিত বিচাৰ লাগে, হত্যাকাৰীক মৃত্যুদণ্ড দিয়ক, হত্যাকাৰীক সুৰক্ষা দিয়া আৰক্ষী বিষয়া হুচিয়াৰ , হত্যাকাণ্ডক পথ দুৰ্ঘটনা সজাবলৈ খোজা ঘিলামৰা আৰক্ষী মুর্দাবাদ, আৰক্ষী-অপৰাধীৰ মিতিৰালি নচলিব আদি বিভিন্ন শ্লোগান দি ঘিলামৰা থানা চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদী ৰাইজে। ঘিলামৰা থানাৰ সন্মুখত দীৰ্ঘ সময় ধৰি উত্তাল পৰিৱেশ সৃষ্টি কৰি প্ৰতিবাদকাৰীসকলে সাব্যস্ত কৰা প্ৰতিবাদৰ মাজতে আৰক্ষী বিষয়াৰ আচৰণত অধিক ক্ষুব্ধ হয় প্ৰতিবাদকাৰীসকল ৷ তদুপৰি উক্ত হত্যাকাণ্ডৰে জড়িত হোৱাৰ সন্দেহৰ আৱৰ্তত থকা অতুলৰ তিনি বন্ধু ক্ৰমে নিপু সন্দিকৈ, হোমেন শইকীয়া আৰু দিগন্ত কোচক ৰাজআতিথ্য দি ঘিলামৰা আৰক্ষীযে গ্ৰহণ কৰা বিতৰ্কিত ভূমিকাৰ প্ৰতিবাদত ৰাইজে থানাৰ সন্মুখত ঢকুৱাখনা-ঘিলামৰা ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে ৷ ঘিলামৰা থানাৰ বিতৰ্কিত আৰক্ষী উপ-পৰিদৰ্শক নাচিৰ খান, সহকাৰী উপ-পৰিদৰ্শক জানমণি দাসৰ পক্ষপাতী আচৰণ আৰু অপৰাধীৰ সতে গোপন মিতিৰালিৰে পথ দুৰ্ঘটনা সজাবলৈ কৰি থকা নিকৃষ্ট চেষ্টাৰ সবল প্ৰতিবাদ কৰি ৰাইজে এই গোচৰৰ সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ জৰুৰী হস্তক্ষেপ দাবী জনাই বহু সময় ধৰি পথটো অৱৰোধ কৰি ৰখাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা স্থবিৰ হৈ পৰে। ৰাইজৰ প্ৰবল প্ৰতিবাদৰ মাজতে দিনৰ ১ বজাত ঘিলামৰা থানাত লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ উপস্থিত হৈ প্ৰতিবাদকাৰীৰ সতে আলোচনাত মিলিত হয় ৷

প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like