🔹 বিধায়ক প্ৰশান্ত ফুকনক আক্ৰমণ অনা-অসমীয়াৰ
🔹 ছিণ্ডিকেট কাণ্ডাৰী মদন শ্বাহক গ্ৰেপ্তাৰ
বিশেষ বাৰ্তা, ১৯আগষ্ট : এইবাৰ অনা-অসমীয়াৰ খাটি খোৱা অসমীয়াৰ ওপৰত দলবদ্ধ আক্ৰমণ।অৱশেষত গোজেই গজালি হ’ল ডিব্ৰুগড় পৌৰসভাত। একাংশ অনা-অসমীয়া ভেৰোণীয়া গুণ্ডাক নিজ ক্ষুদ্ৰ স্বাৰ্থ সিদ্ধিৰ বাবে বৰপীৰা পাৰি দি অৱশেষত নিজ জন্মভূমি তথা গৃহভূমিতেই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনসহ ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি আৰু কাৰ্যালয়ৰ অন্যান্য কৰ্মচাৰীক ভেৰোণীয়া গুণ্ডা মদন শ্বাহৰ নেতৃত্বত অহা এটা বিশাল দলে আজি কাৰ্যালয়ত আক্ৰমণ কৰা কাৰ্যত স্বাভাৱিকতেই সমগ্ৰ জিলাখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। কি মৰসাহত মদন শ্বাহে এনেদৰে দিন-দুপৰতে বিশাল বাহিনী লৈ আক্ৰমণ কৰাক লৈ সৰ্ব্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া আৰু চাঞ্চল্য সৃষ্টি হৈ থকাৰ সময়তে অৱশেষত পৌৰপতি ডাঃ চৈকত পাত্ৰই দিয়া অভিযোগৰ ভিত্তিত ডিব্ৰুগড়ৰ আৰক্ষীয়ে শ্বাহক গ্ৰেপ্তাৰ কৰে যদিও ডিব্ৰুগড়বাসী আশ্বস্ত হ’ব পৰা নাই। ঘটনাৰ বিৱৰণী অনুসৰি তথা পৌৰপতি ডাঃ চৈকত পাত্ৰই আৰক্ষীক দিয়া অভিযোগ অনুসৰি আজি বিয়লি ডিব্ৰুগড় পৌৰসভাত মদন শ্বাহৰ নেতৃত্বত অহা এদল লোকে কুৰুক্ষেত্ৰসদৃশ পৰিৱেশৰ সৃষ্টি কৰে। ডিব্ৰুগড় পৌৰসভাত ইমানেই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় যে ডিব্ৰুগড়ৰ সদৰ থানাৰ পৰা বিশাল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। আজি ডিব্ৰুগড় পৌৰসভাত সভাৰ পদেন সদস্য তথা বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনৰ উপস্থিতিত পৌৰপতি ডাঃ চৈকত পাত্ৰৰ পৌৰোহিত্যত পৌৰসভাৰ পাকিং, ভেণ্ডিং জ’নৰ ওপৰত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছিল। ইয়াৰ কিছু সময়ৰ পাছতে ছিণ্ডিকেট কাণ্ডাৰী মদন শ্বাহৰ নেতৃত্বত অহা দুই শতাধিক লোকে পৌৰসভাৰ সন্মুখত সমৱেত হৈ ব্যাপক হৈ-হাল্লা কৰি এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে আৰু সভা সমাপন কৰি বিধায়ক প্ৰশান্ত ফুকন ওলাই অহাৰ পাছতেই মদন শ্বাহৰ লগত অহা দুই শতাধিক লোকে বিধায়কক আক্ৰমণ কৰাৰ লক্ষ্য কৰে। ইফালে, বৈঠক চলি থকাৰ সময়তে বিধায়ক প্ৰশান্ত ফুকনৰ বাহনৰ অনা-অসমীয়া ভেৰোণীয়া গুণ্ডা মদন শ্বাহৰ নেতৃত্বত দুই শতাধিক লোকে ক্ষতিসাধন কৰাৰ লগতে বিধায়কগৰাকীক উদ্দ্যেশি বহু অশালীন গালি-গালাজ কৰিয়েই ক্ষান্ত নাথাকি আক্ৰমণ কৰে। অৱশেষত আৰক্ষীৰ হস্তক্ষেপত বিধায়কগৰাকী ৰক্ষা পৰে যদিও উপস্থিত থকা মহিলা ৱাৰ্ড মেম্বাৰসকলক অশালীন ব্যৱহাৰ কৰে দুই শতাধিক লোকে। মদনৰ নেতৃত্বত অহা বিশাল বাহিনীটোৱে কাৰ্যালয় লণ্ডভণ্ড কৰাৰ উদ্দ্যেশে প্ৰৱেশ কৰাৰ সময়ত ডিব্ৰুগড় পৌৰসভাৰ ৫নং ৱাৰ্ড সদস্য দিব্যজ্যোতি হাজৰিকাই বাধা প্ৰদান আৰু বুজনি দিয়াৰ চেষ্টা চলাইছিল যদিও বিশাল বাহিনীৰ আগত একপ্ৰকাৰ ধৰাশায়ী হয় ৱাৰ্ড কমিছনাৰ দিব্যজ্যোতি হাজৰিকা। হাজৰিকা বহু পৰিমাণে আঘাতপ্ৰাপ্তও হয়। অভিযোগ অনুসৰি, এসময়ত মদন শ্বাহ নামৰ পৌৰসভাৰ অবৈধ কৰ সংগ্ৰহকাৰীক বৰপীৰা পাৰি দিয়া কাৰ্য ‘নিয়মীয়া বাৰ্তা’ কাকতত ধাৰাবাহিকভাৱে প্ৰকাশ হোৱাৰ পাছতে ডিব্ৰুগড় পৌৰসভাৰ গা লৰাত মদন শ্বাহক নাকী লগাই তথা গুণ্ডাকৰ সংগ্ৰহ বন্ধ কৰি দিয়াৰ পিছতে মদন শ্বাহৰ নেতৃত্বত গুণ্ডা বাহিনীয়ে এনেদৰে পৌৰসভাত আজি ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰে। অৱশেষত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আনহাতে, ডিব্ৰুগড় পৌৰসভাৰ ৱাৰ্ড মেম্বাৰ আৰু কৰ্মচাৰীসকলক আক্ৰমণ কৰাসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ নকৰিলে ব্যাপক আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি সকীয়নি দিছে।বিশেষকৈ শেহতীয়াকৈ ডিব্ৰুগড় পৌৰসভাৰ গাড়ী পাৰ্কিং আৰু ভেণ্ডিং জ’ন আবণ্টন দিয়াৰ নামত বিভিন্ন বেমেজালি সংঘটিত হৈছিল। আজি ডিব্ৰুগড়ৰ বিধায়ক, পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতিসহ ৱাৰ্ড কমিছনাৰসকলৰ এক জৰুৰী বৈঠকত পুনৰ সকলোবোৰ দিশৰ ওপৰত আলোচনা হৈ থকাৰ সময়তে এনদৰে অৰ্তকিতে অনা-অসমীয়াৰ নেতৃত্বত অসমীয়াৰ ওপৰত কৰা আক্ৰমণক সহজভাৱে কোনোৱেই গ্ৰহণ কৰিব পৰা নাই। ডিব্ৰুগড় পৌৰসভাত বিধায়ক প্ৰশান্ত ফুকনৰ গাড়ীত আক্ৰমণ আৰু ৱাৰ্ড কমিছনৰ দিব্যজ্যোতি হাজৰিকাক আক্ৰমণৰ ঘটনাৰ নেতৃত্ব লোৱাৰ অভিযোগত মদন শ্বাহৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 143/147/341/352/353/427 IPC ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ case no. 450/2023ত বিতৰ্কিত মদন শ্বাহক গ্ৰেপ্তাৰ কৰা হয়। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ডিব্ৰুগড় পৌৰসভাত সংঘটিত হোৱা ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মদন শ্বাহক কঠোৰ শাস্তিৰ দাবী কৰাৰ লগতে কোনো কাৰণতে জামিনত মুক্তি নিদিবলৈ আহ্বান জনায় আৰক্ষীক।
প্ৰেৰক বিভাস দুৱৰা