নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ’নাই বালিকা মহাবিদ্যালয়ৰ একতা সভাৰ নৱাগত আদৰণী সভা

নিয়মীয়া বাৰ্তা,  ২০ আগষ্ট : নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে নৱাগত ছাত্ৰ-ছাত্ৰীক আদৰণি জনোৱাটো প্ৰত্যেকখন শিক্ষানুষ্ঠানৰ এক পৰম্পৰা৷ এনে সময়তে জোনাইৰ নাৰী উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান জ’নাই বালিকা মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ উদ্যোগত নৱাগত ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ উদ্দেশ্যে শনিবাৰে জ’নাই বালিকা মহাবিদ্যালয়ৰ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰা হয় নৱাগত আদৰণী সভা৷ মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা নৱাগত আদৰণী সভাৰ পতাকা উত্তোলন কৰে জ’নাই বালিকা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ খগেশ্বৰ পেগুৱে৷ স্মৃতি তৰ্পণ কৰে মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক মোহন চন্দ্ৰ পেগুৱে৷ ইফালে, মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ সম্পাদিকা পাপৰি কুম্বাঙে আদৰণী অভিভাষণ প্ৰদান কৰি ২০২৩ বৰ্ষৰ নৱাগত ছাত্ৰীসকলক মহাবিদ্যালয়লৈ আনুষ্ঠানিকভাৱে জনায় আদৰণি ৷ ইয়াৰ পিছতে অনুষ্ঠিত কৰে ন- ছাত্ৰীসকলৰ চিনাকি পৰ্ব৷ ইফালে, দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা নৱাগত আদৰণী সভাত ন-পুৰণি ছাত্ৰীসকলে পৰিৱেশন কৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান৷ জ’নাই বালিকা মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগু৷ আদৰণী সভাত উপস্থিত থাকি বিধায়ক ভুবন পেগুৱে প্ৰতিযোগিতাৰ যুগত ছাত্ৰীসকলে নিজৰ মেধাৰে জগত জিনিব লাগিব বুলি মন্তব্য কৰাৰ লগতে মাথোঁ চাকৰিমুখী নহৈ নিজকে আত্মনিৰ্ভৰশীল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়৷ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক দলে, জ’নাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাজেশ্বৰ পেগু, জ’নাই গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মৃদুল টায়ে আদি।

প্ৰেৰক কৰবী দলে

You might also like