🔹 হাৱাজান আৰক্ষীৰ সফলতা
নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : গহপুৰ মহকুমাৰ হাৱাজান আৰক্ষীয়ে কালি এখন চেণ্ট্ৰ’ বাহনৰ পৰা নকল সোণৰ নাও জব্দ কৰিবলৈ সক্ষম হয়। লখিমপুৰ জিলাৰ লালুকৰ পৰা PB-08 AU-1493 নম্বৰৰ চেণ্ট্ৰ’ গাড়ীখনেৰে পঞ্জাবলৈ নি থকা অৱস্থাত ১.৫৫ কেজি ওজনৰ নকল সোণৰ নাওখন জব্দ কৰে। তদুপৰি নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত পঞ্জাবৰ অমৃতসৰৰ হৰপিড সিং আৰু বালকৃষাণ দুচাদ নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে চেণ্ট্ৰ’খনৰ দৰ্জাৰ ভিতৰত নকল সোণৰ নাওখন লুকুৱাই অনাৰ কথা গোপন সূত্ৰৰ পৰা জানিব পাৰি আৰক্ষীৰ দলটোৱে হাৱাজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা লগাই অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয়।
প্ৰেৰক বিপুল কুমাৰ দিহিঙীয়া