নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : জোনাইৰ পৰা পাচিঘাটলৈ ব’লবোমৰ বাবে যোৱা দুজন কিশোৰ চিয়াং নদীৰ বুকুত সন্ধানহীন হয় ৷ জানিব পৰা মতে, ব’লবোম উপলক্ষে পাচিঘাটস্থিত ৰাণাঘাটৰ চিয়াং নদীত পুৱতি নিশা পাচিঘাট ডাঙৰীয়া বাবা মন্দিৰ দৰ্শনৰ বাবে চিয়াং নদীত জল উঠোৱা পৰ্বৰ প্ৰাকক্ষণত জোনাই সদৰৰ উদয়পুৰ গাঁৱৰ পাঁচজন সদস্যই চিয়াং নদীৰ বুকুত উটি যায়। খৰস্ৰোতা চিয়াং নদীৰ বুকুৰ পৰা ব’লবোমৰ যাত্ৰীসকলে একেটা পৰিয়ালৰ তিনিজন সদস্যক কোনোমতে উদ্ধাৰ কৰে যদিও দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷ সন্ধানহীন হৈ থকা কিশোৰ দুজন ক্ৰমে পৱন চাহানীৰ পুত্ৰ কানয়া চাহানী (17) আৰু ৰাজেশ চাহানীৰ পুত্ৰ ৰবি (গলু ) চাহানী (12) বুলি জানিব পৰা গৈছে ৷ পৰিয়ালবৰ্গই অভিযোগ কৰা অনুসৰি, বৰ্তমানলৈ অৰুণাচল প্ৰদেশ আৰু অসম আৰক্ষীৰ দ্বাৰা কোনো উদ্ধাৰ অভিযান চলোৱা হোৱা নাই। গতিকে জোনাই প্ৰশাসন আৰু অৰুণাচল প্ৰশাসনক কিশোৰ দুগৰাকীক উদ্ধাৰ কৰি দিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে৷
প্ৰেৰক কৰবী দলে