নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : কামৰূপৰ বকো আৰক্ষীৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান। আজি পুৱা বকো আৰক্ষী থানাৰ অন্তৰ্গত বামুণীগাঁও অঞ্চলত গাঞ্জা সৰবৰাহৰ এক গোপন খবৰৰ ভিত্তিত বকো আৰক্ষীৰ এটি দলে অভিযান চলায়। এই অভিযান কালত বকো আৰক্ষীৰ দলটোৱে গোপন খবৰৰ ভিত্তিত গুৱাহাটী ফালৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এখন পালছাৰ বাইকসহ দুজন ব্যক্তিক সন্দেহবশতঃ সোধা-পোছাৰ বাবে ৰখায়। ইয়াৰ পিছতে বকো আৰক্ষীয়ে দুয়োজন লোকৰ সৈতে থকা বেগ দুখনত তন্নতন্নকৈ তালাচী চলায়। তালাচীৰ সময়ত দুয়োজন লোকৰ বেগৰ পৰা বকো আৰক্ষীয়ে ১১.১৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। বকো আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফণীন্দ্ৰ নাথৰ নেতৃত্বত আৰু উপ-পৰিদৰ্শক অপূৰ্ব কলিতাৰ সহযোগত চলিছিল এই অভিযান। এই অভিযানকালত গাঞ্জাখিনি আৰু AS-25 U-3332 নম্বৰৰ এখন পালছাৰ বাইক জব্দ কৰাৰ লগতে সৰবৰাহকাৰী দুজনক বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোক দুজন পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মুডুকীৰ যোগেন ৰাভা (৩২), সঞ্জয় ৰাভা (৩০) বুলি জানিব পৰা গৈছে। জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য দুই লক্ষাধিক টকা হ’ব।ইতিমধ্যে গ্ৰেপ্তাৰ কৰা দুয়োজন সৰবৰাহকাৰীকে বকো আৰক্ষীয়ে বকো থানালৈ আনি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।
প্ৰেৰক প্ৰীতম বায়ন