নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাগছসহ লাহৰীঘাটত দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰছলাত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। লাহৰীঘাটৰ বৰছলাত যোৱা বৰছলা আৰক্ষীয়ে নাকা চেকিঙৰ সময়ত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনে মৈৰাবাৰীৰ পৰা AS 01-BD -5973 নম্বৰৰ স্কুটী লৈ আহি থাকোঁতে আৰক্ষীয়ে নাকা চেকিঙত দুয়োকে গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহ কাৰী দুটাৰ নাম উভাদ উল্লাহ আলী (২০) আৰু মিৰাজুল আলী (১৮)। দুয়োৰে ঘৰ মৰিগাঁৱৰ মৰিমুছলমান গাঁৱত। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে ১২টা প্লাষ্টিকৰ সন্দেহযুক্ত ড্ৰাগছভৰ্তি কন্টেইনাৰ জব্দ কৰে। জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ১৬.৬ গ্ৰাম।

প্ৰেৰক আবুল কালাম

You might also like