নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট : শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ন-আলিস্থিত জীৱিকা নাৰ্চিং ইন্সটিটিউট এণ্ড পেৰামেডিকেল টেকলজি নামৰ নাৰ্চিং প্ৰশিক্ষন কেন্দ্ৰটোত যোৱা নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ প্ৰতিষ্ঠানটোত প্ৰশিক্ষন গ্ৰহণ কৰা শিক্ষাৰ্থীসকলক প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা প্ৰকৃত এ এন এম পাঠ্যক্ৰমৰ পৰিৱৰ্তে এইচ এন এম শীৰ্ষক প্ৰমাণ পত্ৰৰ প্ৰশিক্ষন প্ৰদান কৰাক লৈয়েই সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷ বিশেষকৈ প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা এ এন এম পাঠ্যক্ৰমৰ প্ৰশিক্ষনৰ প্ৰমাণ পত্ৰ দিব পৰাৰ কোনো ক্ষমতা নথকা বুলি স্পষ্ট হোৱাৰ পিছতেই প্ৰায় অদ্ধ শতাধিক প্ৰতিষ্ঠানটোত শিক্ষা গ্ৰহণ কৰি থকা প্ৰশিক্ষাৰ্থীয়ে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে জয়সাগৰ আৰক্ষী চকীত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে এজাহাৰ দাখিল কৰে ৷ প্ৰাপ্ত বাতৰি মতে শিৱসাগৰ ন-আলিস্থিত জীৱিকা নাৰ্চিং প্ৰশিক্ষন কেন্দ্ৰটোৱে এ এন এম পাঠ্যক্ৰমৰ নাৰ্চিং প্ৰশিক্ষন প্ৰদাণ কৰা হব বুলি প্ৰচাৰ চলাই প্ৰায় অদ্ধ শতাধিক শিক্ষিত যুৱতীক কেন্দ্ৰটোত নামভৰ্তি কৰাইছিল ৷ গাইপতি প্ৰায় দুই লাখকৈ টকা সংগ্ৰহ কৰা প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ প্ৰশিক্ষাৰ্থাসকলক লিগিৰি পুখুৰী ৰাজ্যিক চিকিৎসালয়ত ব্যৱহাৰিক প্ৰশিক্ষনৰ বাবে প্ৰেৰণ কৰাৰ সময়তেই পোহৰলৈ আহে এই ভয়ংকৰ অনিয়ম আৰু জালিয়াতি৷ চিকিৎসালয়খনৰ কেইগৰাকীমান চিকিৎসক আৰু চৰকাৰী চিকিৎসালয়খনত কৰ্মৰত জেষ্ঠ পৰিচাৰিকাই প্ৰশিক্ষাৰ্থী যুৱতীসকলক সৱিশেষ অৱগত কৰে৷ বিশেষকৈ প্ৰশিক্ষাৰ্থীসকলক এ এন এমৰ পাঠ্যক্ৰমৰ প্ৰশিক্ষনৰ পৰিৱৰ্তে এইচ এন এমৰ পাঠ্যক্ৰমৰ আধাৰতহে প্ৰশিক্ষন দিয়াৰ লগতে ব্যৱহাৰিক প্ৰমাণ পত্ৰও এইচ এন এম পাঠ্যক্ৰম গ্ৰহণৰ যোগ্যতাৰ প্ৰমাণ পত্ৰহে দিব বুলি জনাই ৷ উল্লেখ্য যে এইচ এন এম প্ৰমাণ পত্ৰ থকা প্ৰশিক্ষাৰ্থীয়ে যিকোনো চিকিৎসালয়ত নাৰ্চৰ সেৱা প্ৰদানৰ পৰিৱৰ্তে চাফাই কামতহে নিয়োজিত হব লাগিব বুলি ক্ষোভিত প্ৰশিক্ষাৰ্থী সকলে অভিযোগ কৰে ৷ আন নালাগে উক্ত প্ৰতিস্থানটোৰ পৰা প্ৰশিক্ষন গ্ৰহণ কৰি যোৱা বহুকেইগৰাকী প্ৰশিক্ষাৰ্থীক বিভিন্ন ব্যক্তিগত চিকিৎসা প্ৰতিস্থানে এ এন এমৰ পাঠ্য ক্ৰমৰ আধাৰত নিযুক্তি দিয়াৰ পৰিৱৰ্তে এইচ এন এমৰ পাঠ্যক্ৰমৰ আধাৰত চাফাই কামতহে নিয়োগ কৰে ৷ আন নালাগে জীৱিকা নামৰ নাৰ্চিং প্ৰশিক্ষন কেন্দ্ৰটোৰ এএন এম পৰ্য্যায়ৰ পাঠ্যক্ৰমৰ প্ৰশিক্ষন দিয়াৰ কোনো বৈধ কৰ্তৃত্ব নথকা বুলি প্ৰশিক্ষাৰ্থী সকল অৱগত হোৱাৰ পিছতেই বিগত দুটা দিন ধৰি প্ৰশিক্ষাৰ্থী সকলৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় ৷ ইফালে এ এন এম পাঠ্যক্ৰমৰ প্ৰশিক্ষন দিয়া হব বুলি দুই লাখকৈ টকা সংগ্ৰহ কৰি অতি নিম্ন মানদণ্ডৰ খাদ্য, খৰি ফলা, গাড়ীৰ পৰা সামগ্ৰী নমোৱাৰ লগতে পাঠ্যক্ৰমৰ আওতাৰ বাহিৰৰ কামত নিয়মিত নিয়োজিত কৰাই ৷চৰম মানসিক – শাৰিৰীক নিৰ্য্যাতন চলোৱাৰ লগতে বিৰোধিতা কৰিলেই ভাবুকি প্ৰদাণ কৰা প্ৰতিস্থানটোৰ দুই স্বত্বাধিকাৰী পদ্মা চোলাধৰা আৰু ৰূপালী দত্তই আনকি মবাইল ফোন পৰ্য্যন্ত বলপুৰ্বক কাঢ়ি হাৰাশাস্তি কৰিছিল বুলি অভিযোগ কৰে ৷ প্ৰতিষ্ঠা কালৰে পৰা চৰম অনিয়ম-জালিয়াতিৰ অভিযোগ উঠা জীৱিকা নাৰ্চিং প্ৰশিক্ষন কেন্দ্ৰত চলি থকা অৰাজকতা তথা প্ৰশিক্ষাৰ্থী সকলৰ নিৰাপত্তাহীনতাৰ বিষয়ে জানিব পাৰি কালি নিশাই ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অভিভাৱক সকল আহি শিৱসাগৰত উপস্থিত হয়হি ৷ইয়াৰ পিছতেই অভিভাৱকৰ সহযোগত প্ৰশিক্ষাৰ্থী সকলে জয়সাগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ আৱেদন জনোৱাৰ লগতে নাম ভৰ্তিৰ সময়ত দিয়া সমুদায় ধন ঘুৰাই দিয়াৰ দাবী জনাই ৷ক্ষুদ্ধ অভিভাৱক সকলে ভূৱা প্ৰতিস্থানটোৰ চক্ৰ বেহুত বন্দী হয় জীৱনৰ অমূল্য দেৰটা বছৰ ধংস হৈ যোৱাৰ কাৰ্য্যত তীব্ৰ আক্ষেপ কৰে ৷অভিভাৱক সকলে ৰাজ্যৰ স্বাস্থ্য বিভাগ, শিৱসাগৰ জিলা প্ৰশাসনক দৰিদ্ৰ পৰিয়াল সমুহে নাম ভৰ্তিৰ সময়ত প্ৰদাণ কৰা সমুদায় ধন ঘুৰাই দিয়া, প্ৰতিস্থানটো তাৎক্ষনিক ভাৱে চীল কৰা আৰু প্ৰতিষ্ঠানটোৰ দুই স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰতকৈও কঠোৰতম শাস্তি বিহিবলৈ দাবী জনায় ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান