নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামত অঘটন : ৰে’লৱে দলং ভাঙি ২৩ শ্রমিকৰ মৃত্যু

বিশেষ বাৰ্তা, ২৩ আগষ্টঃ মিজোৰামত নির্মীয়মান ৰে’লৱে দলঙত ভয়াৱহ অঘটন সংঘটিত হৈছে৷ নির্মীয়মান দলংখন খহি অতি কমেও ২৩ শ্রমিকৰ মৃত্যু ঘটিছে৷  নিহত শ্রমিকসকলৰ ভিতৰত ২২জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ জনা মতে মিজোৰামৰ ৰাজধানী আইজলৰ পৰা ২১ কিলোমিটাৰ নিলগত ছাইৰাং অঞ্চলত নির্মীয়মান ৰে’ল দলং এখন খহি পৰাত কর্মৰত ২৩ শ্রমিকৰ মৃত্যু ঘটিছে৷ ভৈৰৱী–ছাইৰাং নতুন ৰে’লপথ প্রকল্পৰ অধীনৰ ১৩০খন দলঙৰ অন্যতম ছাইৰাঙত নির্মাণ হৈ থকা ৰে’লৱে দলংখন আজি হঠাতে খহি পৰে৷ তীখা গাঁথনিৰে নির্মাণ কৰি থকা দলংখনত কর্মৰত শ্রমিকৰ ভিতৰত ২৩জনৰ মৃত্যু ঘটিছে৷ এতিয়ালৈ ২২জনৰ মৃতদেহ উদ্ধাৰ কৰিছে৷ এতিয়াও ধ্বংসস্তূপত কেইবাজনো শ্রমিকৰ মৃতদেহ আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে৷ ইফালে ঘটনাটোৰ উচ্চ পর্যায়ৰ তদন্ত কমিটী গঠন কৰিছে ৰে’লৱেই৷ ঘটনাটোত গভীৰ শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷ প্রধানমন্ত্রীয়ে মোদীয়ে নিহত লোকৰ পৰিয়াললৈ ২ লাখ ক্ষতিপূৰণ হিচাপে আগবঢ়োৱাৰ লগতে আহতক ৫০ হাজাৰ টকা ক্ষতিপূৰণ ঘোষণা কৰিছে৷

You might also like