নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ বছৰে প্ৰতি দেওবাৰে অঞ্চলটোত চলায় চাফাই অভিযান

🔹 টিংখাঙৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াস

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ডিকচাম কিনাৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ । বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে বিগত ১৬ বছৰ ধৰি প্ৰতি দেওবাৰে অঞ্চলটোৰ চাফ-চিকুণতাৰ বাবে কাম কৰি আহিছে । স্বচ্ছতাৰ দিশত প্ৰশংসনীয় পদক্ষেপৰ বাবে বৰ্তমান চৰ্চিত হৈ পৰিছে এই বিদ্যালয়খন । প্ৰতি দেওবাৰে অঞ্চলটোৰ চাফ-চিকুণতাৰ বাবে ওলাই আহে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল। আনহাতে, শিক্ষক দেৱেন উপাধ্যায়ৰ উদ্যোগত কেৱল স্বচ্ছতাৰ দিশতেই নহয়, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক দিয়া হয় স্ব-পাৰদৰ্শিতা প্ৰশিক্ষণ । ছাত্ৰ-ছাত্ৰীসকলে কাপোৰৰ বেগ (মোনা), ধান-খেৰৰ পৰা খালৈ, খৰাহি ইত্যাদি সামগ্ৰী নিজে প্ৰস্তুত কৰিব পাৰে । বৰ্তমান পৰীক্ষামূলকভাৱে কাপোৰৰ জোতা প্ৰস্তুত কৰাৰ প্ৰচেষ্টা চলাই আছে ছাত্ৰ-ছাত্ৰীসকলে । কম্পিউটাৰ শিক্ষা প্ৰদান কৰা হয় ছাত্ৰ-ছাত্ৰীসকলক । ২০০৬ চনত স্থাপিত এই অপ্ৰাদেশীকৃত বিদ্যালয়খন ব্যতিক্ৰমী কৰ্মৰ বাবে বৰ্তমান চৰ্চিত হৈ পৰাৰ লগতে এই প্ৰশংসনীয় পদক্ষেপৰ শলাগ লৈছে ।

প্ৰেৰক কৃষ্ণ গগৈ

You might also like