নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“কহিনুৰ থিয়েটাৰ অসমৰ এক অভিজাত থিয়েটাৰ”

🔹 পাঠশালাত কহিনুৰ থিয়েটাৰৰ নাট্যবৰ্ষৰ শুভাৰম্ভ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ
নিয়মীয়া বাৰ্তা,  ২৪ আগষ্ট : “কহিনুৰ থিয়েটাৰ হৈছে অসমৰ এক অভিজাত থিয়েটাৰ৷ ৰতন লহকৰৰ স্মৃতি বিজড়িত এনেকুৱা এটা নাট্যগোষ্ঠীৰ শুভ নাট্যাৰম্ভৰ অংশীদাৰ হবলৈ পাই মই নথৈ আনন্দিত হৈছো৷”- এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ৷ অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল কহিনুৰ থিয়েটাৰৰ ৪৮ সংখ্যক নাট্যবৰ্ষৰ কালি নিশা শুভ উদ্বোধন কৰি সাংসদ মাৰ্ঘেৰিটাই কয় যে কহিনুৰৰ দৰে এক নাট্যগোষ্ঠীৰ সতে সংযুক্ত হোৱাটো তেওঁৰ বাবে গৌৰৱ আৰু আনন্দৰ কথা৷ তেওঁ কয় যে ১৯৮৪-৮৫ চনতে তেওঁ থিয়েটাৰত ৰামায়ণ-মহাভাৰতৰ লেখীয়া নাটবোৰ চাই ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি বিশেষভাৱে আপ্লুত হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁ থিয়েটাৰৰ লগত সংযুক্ত হৈ আছে৷ কহিনুৰৰ এই বৰ্ষৰ নাট্যযাত্ৰাৰ আৰম্ভণিতে সাংসদগৰাকীয়ে ইয়াৰ সতে জড়িত প্ৰতিগৰাকী ব্যক্তিকে শুভকামনা জ্ঞাপন কৰে৷ জ্যেষ্ঠ অধিবক্তা তথা সমাজকৰ্মী গিৰিধিৰ চৌধুৰীৰ পৌৰোহিত্যত তথা বিশিষ্ট কবি আৰু কহিনুৰ থিয়েটাৰৰ মুখপত্ৰ ‘কৰণি’ৰ মুখ্য সম্পাদক পুৰন্দৰ পাটগিৰিয়ে আঁত ধৰা অনুষ্ঠানত নাট্যবৰ্ষৰ শুভাৰম্ভৰ আগমুহূৰ্তত কহিনুৰ থিয়েটাৰৰ প্ৰতিস্থাপক প্রযোজক মঞ্চৰত্ন প্রয়াত ৰতন লহকৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে তেওঁৰ পুত্ৰ তথা নাট্যগোষ্ঠীটোৰ প্রযোজক তপন লহকৰে ৷ উল্লেখ্য যে পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শুভাৰম্ভ হোৱা কহিনুৰ থিয়েটাৰে বিগত বৰ্ষসমূহৰ দৰে এইবছৰো যাতে দর্শক ৰাইজক ৰুচিসম্পন্ন নাট উপহাৰ দিব পাৰে, তাৰ বাবে দিনে-নিশাই নাট্যদলটোৰ অভিনেতা-অভিনেত্ৰীৰ লগতে প্রযোজক তপন লহকৰে কৰি গৈছে অক্লান্ত শ্রম। কালি সন্ধিয়া বিশিষ্ট নাট্যকাৰ তথা অভিনেতা মৃদুল চুতীয়াৰ “এবিচিডি” নাটেৰে ৪৮ সংখ্যক নাট্যবৰ্ষৰ শুভাৰম্ভ কৰা হয়। অভিনয়, সংগীত, পোহৰ আৰু উন্নতমানৰ কাৰিকৰী আয়োজন কৰি অহা কহিনুৰ থিয়েটাৰৰে বিগত বৰ্ষসমূহৰ দৰে এইবেলিও নাট্যপ্ৰেমী ৰাইজক মোহিত কৰিব বুলি উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাসকলে আশা ব্যক্ত কৰে৷ এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বজালীৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্ত মৃদুল কুমাৰ দাস, বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰী, পাঠশালা পৌৰসভাৰ পৌৰপতি জলি চৌধুৰী, থিয়েটাৰ পৰিচালনা সমিতিৰ সম্পাদক লক্ষেশ্বৰ দাস সমন্বিতে কেইবাগৰাকী বিশিষ্ট লোক ৷ উল্লেখ্য যে এইবেলি ২৩-২৪ নাট্যবৰ্ষত কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰিব তিনিগৰাকীকৈ নাট্যকাৰৰ তিনিখন নাট- চম্পক শৰ্মাৰ “দীপাৱলী”, মৃদুল চুতীয়াৰ “এবিচিডি” আৰু মনজিত শৰ্মাৰ “আই লাভ ইউ”৷ ৪৮ সংখ্যক নাট্যবৰ্ষত কহিনুৰ থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে সুদক্ষ অভিনেতা কৃষ্ণমণি নাথ, অমিত কুমাৰ বৰা, দুলুমণি ডেকা, জয়ন্ত জীৱন বৰুৱা, দীপক তালুকদাৰ, মুন কলিতা, দীপ, গিৰিজা মহন্ত, বাবালী আৰ বৰা, আশা ৰিয়া ফুকন সমন্বিতে বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে৷ উল্লেখ্য যে কালি আৰম্ভ হোৱা এই নাট প্ৰদৰ্শনী পাঠশালাত অহা পহিলা ছেপ্টেম্বৰলৈ চলিব৷ এইবাৰ প্ৰদৰ্শিত হবলগীয়া তিনিওখন নাটককে দর্শকে আঁকোৱালি লব বুলি কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে আশা ব্যক্ত কৰিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like