নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিৰ বোমা বিস্ফোৰণ কাণ্ডৰ অভিযুক্তক দোষমুক্ত

🔹 লখিমপুৰত জ্বলিছে ক্ষোভৰ জুই
বিশেষ বাৰ্তা, ২৪ আগষ্ট : ২০০৪ চনৰ ১৫ আগষ্ট দিনটো অসমৰ ইতিহাসত ক’লা দিন ৰূপে পৰিগণিত হৈ আছে। সেইদিনা ধেমাজি জিলাত স্বাধীনতা দিৱসৰ স্হলীত নিষিদ্ধ ঘোষিত আলফাই ঘটোৱা বোমা বিস্ফোৰণত ১০টি শিশুসহ ১৩জনে প্ৰাণ হেৰুৱাইছিল। ধেমাজি চহৰৰ খেলপথাৰত চৰকাৰীভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত ভাগ ল’বলৈ গৈ ১৩জনে আলফাৰ বোমাত প্ৰাণ হেৰুৱাইছিল। স্বাধীনতা দিৱস উদযাপনস্হলীত আলফাই পুতি ৰখা বোমা বিস্ফোৰণত দহটি শিশুসহ তিনিগৰাকী মহিলাই প্ৰাণ হেৰুৱাইছিল। উক্ত ভয়াৱহ বোমা বিস্ফোৰণত গছৰ ডালত ওলমি ৰৈছিল নৰমাংসৰ টুকুৰা। এই ঘটনাই সমগ্র দেশক কঁপাই তুলিছিল। দহটা শিশুসহ তিনিগৰাকী মহিলাই প্ৰাণ হেৰুওৱাৰ লগতে বহুতো আহত হৈছিল এই বিস্ফোৰণত। এই ভয়াৱহ দৃশ্য প্ৰত্যক্ষ কৰা বহুতো শিশুৰ মন অস্হিৰ হৈ পৰিছিল। তেতিয়াৰ ৰাষ্ট্ৰপতিৰ উদ্যোগত বিতত হৈ থকা শিশুসকলৰ মনৰ বেদনা দূৰ কৰিবলৈ দিল্লীৰ পৰা মনোৰোগ বিশেষজ্ঞৰ দলো আহিছিল। এই ঘটনাৰ পৰৱৰ্তী সময়ত বহুতৰ নাম সাঙোৰ খাইছিল। সময় বাগৰাৰ লগে লগে তেওঁলোক আইনৰ সুৰুঙাৰে সৰকিল। বাকী যিকেইজন থাকিল, আজি উচ্চতম ন্যায়ালয়ে তেওঁলোকক দোষমুক্ত কৰে। এই লৈ লখিমপুৰত তীব্র প্রতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই। নগৰৰ কমলাবাৰী পথত টায়াৰ জ্বলাই তেওঁলোকে প্ৰতিবাদ কৰি অভিযুক্তৰ ফাঁচীৰ দাবী জনায়। উই ৱান্ট জাষ্টিচ, ন্যায় ব্যৱস্থা হায় হায়, ন্যায় ব্যৱস্থাৰ উন্নতি কৰক, ন’ জাষ্টিচ ন’ ৰেষ্ট আদি শ্লোগান দি উত্তাল পৰিৱেশ সৃষ্টি কৰে। প্ৰতিবাদকাৰীসকলে ধেমাজিৰ গণহত্যাকাৰীসকলৰ ফাঁচীৰ দাবী জনাই ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি কয়। তেওঁলোকে মুখ্যমন্ত্ৰী আৰু চৰকাৰক এই বিষয়টো উচ্চতম ন্যায়ালয়লৈ নিবলৈও দাবী জনায়। এই প্ৰতিবাদী কাৰ্য্যসূচীত সংগঠনটোৰ কেন্দ্রীয় কাৰ্য্যকৰী সভাপতি ধৰ্মকান্ত গগৈৰ লগতে জিলা সমিতিৰ চিৰঞ্জীত বৰদলৈ, দীপাংকৰ নাথসহ ভালেখিনি সদস্যই অংশগ্রহণ কৰে।
প্ৰেৰক জীৱন গোস্বামী
You might also like