নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বগৰীবাৰী আটানী ৰাজহ চক্ৰৰ অন্তৰ্গত বগৰীবাৰী মহামায়াj পৰা গুটিপাৰালৈ যোৱা আণ্ডামাৰী পাটাকাটা টিপকাই নৈৰ পাৰ ঘাটত টুলুঙা নাৱেৰে অঞ্চলটোৰ কণ কণ ছাত্র-ছাত্ৰীসকলে মৰণত শৰণ দি বিদ্যালয়লৈ বিপদসংকুল যাত্ৰা কৰি আহিছে। এফালে মনত শিক্ষা গ্ৰহণৰ দুৰন্ত হেঁপাহ, আনফালে বিদ্যালয়লৈ বিপদসংকুল যাত্ৰা। তথাপি পিঠিত কিতাপৰ বেগ লৈ ভৱিষ্যত গঢ়াৰ সপোন লৈ টুলুঙা নাৱেৰে পানীৰ মাজেৰে যাত্ৰা কৰি প্ৰতিদিনে বিদ্যালয়ত উপস্থিত হয় কণ কণ ছাত্ৰ-ছাত্ৰী। উদ্দেশ্যে এটাই- পঢ়া-শুনা কৰি এজন ভাল মানুহ হোৱা । এফালে পিঠিত কিতাপৰ বোজা, আনফালে টিপকাই নৈত দলঙৰ অভাৱত হাতৰ মুঠিত জীৱনটো বান্ধি লৈ পাৰাপাৰ হবলগীয়া হয় কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজে । কিয়নো মুহূৰ্ততে ঘটিব পাৰে ভয়ানক দুৰ্ঘটনা। নদীখন পাৰ হবলৈ নাই সাঁকো অথবা দলং। নদীত পানী কমিলেই বন্ধ হৈ পৰে নাও। বাধাগ্ৰস্ত হৈ পৰে কণ কণ শিক্ষাৰ্থীলৰ শৈক্ষিক জীৱন। খৰালি সময়ত স্থানীয় ৰাইজে প্ৰতিবছৰে নৈখনৰ ওপৰত এখন বাঁহৰ দলং নিৰ্মাণ কৰি লয় যদিও বাৰিষা আহিলেই টিপকাই নদীৰ প্ৰবল সোঁতে উঠুৱাই নিয়ে বাঁহৰ দলং । তাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে যাতায়াতৰ নামত সন্মুখীন হয় নৰক যন্ত্ৰণা। অঞ্চলটোৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে পাঠগ্ৰহণৰ বাবে টিপকাই নৈৰ বুকু ভেদি অতি বিপজ্জনক পৰিৱেশৰ মাজেৰে বগৰীবাৰী হৰেন্দ্ৰ নাৰায়ণ চেমিনাৰী উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়, মহামায়া ডিগ্ৰী কলেজ, বগৰীবাৰী জুনিয়ৰ কলেজ, বগৰীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়, এম ই স্কুল, এল পি স্কুললৈ যাবলগীয়া হয়। স্থানীয় এ আই ইউ ডি এফ বিধায়ক হাফিজ বছিৰ উদ্দিন কাছিমীয়ে এখন পকী দলং নিৰ্মাণৰ আশ্বাস দিয়ে যদিও আজিকোপতি আশ্বাস হৈয়ে থাকিল। সেয়ে অনতিপলমে আণ্ডামাৰী পাটাকাটা টিপকাই নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ লগতে বিদ্যালয়ৰ শিক্ষাগুৰুসকলে।
প্রেৰক মতিয়ৰ ৰহমান