নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰোৱা সত্ৰৰ পৰ্যটন গৃহ নিৰ্মাণত বিলম্ব

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ৰাজ্যৰ আগশাৰী দৌল দেৱালয়সমুহৰ অন্যতম ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰীশ্ৰীবাসুদেৱ থান নৰোৱা সত্ৰৰ পৰ্যটন গৃহ নিৰ্মান ৬ বছৰেও সম্পূৰ্ণ নোহোৱাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে সত্ৰ পৰিয়ালৰ লগতে সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে ৷ ঐতিহ্যমণ্ডিত আৰু ইতিসাহ প্ৰসিদ্ধ ঢকুৱাখনা সোৱণৰি মৰনৈ বেবেজীয়াস্থিত বাসুদেৱ থান নৰোৱা সত্ৰ দৰ্শনৰ বাবে সঘনাই দেশ বিদেশৰ পৰ্যটক সকলে থানত ভিৰ কৰে যদিও পৰ্যটক সকলৰ সুবিধাৰ বাবে উপযুক্ত গৃহৰ অভাৱত সন্মুখীন হৈ অহা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ গৃহ বিভাগৰ জৰিয়তে কেইবালাখ টকা ব্যয় সাপেক্ষে এটা প্ৰৰ্যটন গৃহ আৱণ্টন দিছিল আৰু  প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই ২০১৭ চন ১৬ জুনত উক্ত গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছিল৷ কিন্তু লক্ষণীয়ভাৱে উক্ত পৰ্যটন গৃহ শুভাৰম্ভ কৰা তথ্য ফলকত পুঁজি আবণ্টনৰ তথ্য আৰু পুঁজিৰ পৰিমাণ উল্লেখ নাথকাত সত্ৰ পৰিয়ালে আবণ্টিত পুঁজিৰ পৰিমাণ ৮৩ লাখ টকা বুলি জানিবলৈ দিয়াৰ বিপৰীতে গৃহ নিৰ্মাণত জড়িত ঠিকাদাৰে আবণ্টিত পুঁজিৰ পৰিমাণ ৮০ লাখ টকা বুলিহে জানিবলৈ দিয়াত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ তদুপৰি সত্ৰ পৰিয়ালে উক্ত পৰ্যটন গৃহটো নিৰ্মাণত ঠিকাদাৰে অযথা বিলম্ব কৰা বুলি অভিযোগ তুলি গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবী জনোৱাৰ বিপৰীতে ঠিকাদাৰে চৰকাৰী নীতি নিৰ্দেশনা মতে ২০২৪ চনৰ মাৰ্চ মাহত গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰি সত্ৰ পৰিয়ালক চমজি দিয়া হব বুলিহে জানিবলৈ দিয়ে যদিও পৰ্যটক সকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অধিক খৰটকীয়াকৈ পৰ্যটন গৃহ নিৰ্মাণকাৰ্য সম্পুৰ্ণ কৰাৰ দাবী জনাই এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰো দাবী জনাইছে সত্ৰাধিকাৰগৰাকীৰ লগতে সত্ৰ পৰিয়ালে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like