নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে…

ডিজিটেল ডেস্ক, ২৫ জুলাই : ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱর্তিত হৈ আছে৷ ইখনৰ পিছত সিখনকৈ নতুন নতুন জিলাক শাওণৰ বলিয়া বানে আক্রান্ত কৰিছে৷ ইতিমধ্যে ৰাজ্যৰ ৭খনকৈ জিলা এইবাৰৰ বানত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে৷ চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিব্রুগড়, নগাঁও আৰু কার্বি আংলং জিলা এইবাৰ অধিক পৰিমাণে ক্ষতিগ্রস্ত হৈছে৷ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে উজনি অসমৰ তিনিখন জিলা ক্ৰমে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ।

ৰাজ্যত এই ভয়াৱহ বান পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে (২৫ জুলাই) অসমৰ বান পৰিস্থিতি সন্দৰ্ভত সবিশেষ বুজ লয় ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হৈ অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত সামাজিক মাধ্যমত লিখিছে-

‘অসমৰ প্ৰতিটো বিষয় লৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া সদায় সক্ৰিয় আৰু সচেতন। কিছু সময় পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই টেলিফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ লয়। বানৰ ফলত হোৱা ক্ষয়-ক্ষতি, চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযানৰ লগতে দুৰ্যোগ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে তেখেতে বিস্তৃতভাৱে আমাৰ পৰা খতিয়ান লয়।

মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকসকলৰ লগতে আপোনজন আৰু সম্পত্তি হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। তেখেতে আশ্বস্ত কৰে যে এই সংকটক ভাৰত চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদানেৰে বিবেচনা কৰিছে। উদ্ধাৰ, সাহায্য, পুনৰ্বাসন কাৰ্যত কেন্দ্ৰীয় চৰকাৰে যথাসম্ভৱ সকলোধৰণৰ সহায় আগবঢ়াই যাব বুলিও তেখেতে অভয় প্ৰদান কৰে।
ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ, বন্যাৰ্তৰ উদ্ধাৰ, সাহায্য আৰু পুনৰ্বাসন কাৰ্যৰ অগ্ৰগতিৰ লগতে বানপীড়িত প্ৰতিটো পৰিয়ালৰ কাষত থাকিবলৈ ৰাজ্য চৰকাৰৰ অধীনত চলি থকা নিৰন্তৰ প্ৰচেষ্টাৰ বিষয়ে তেখেতক অৱগত কৰোঁ।

এই কঠিন সময়ত অসমৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা সহমৰ্মিতা, আশ্বাস আৰু দৃঢ় সমৰ্থনৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত অসমৰ জনসাধাৰণৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।’

You might also like