নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলুপ্তিৰ দিশে গতি কৰা যাদু শিল্পক জীয়াই ৰখাৰ চেষ্টা বৃষ্টি বন্যাৰ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : এসময়ত এক সমৃদ্ধিশালী স্থানত থকা অসমৰ যাদুশিল্প বৰ্তমান অস্তিত্বৰ সংকটত। তৎসত্বেও সীমিতসংখ্যক লোকে এই শিল্পৰ চৰ্চাৰে যাদুকলা জীয়াই ৰখাৰ চেষ্টা চলাই অসমৰ যাদু শিল্পৰ সুনাম ধৰি ৰখাৰ প্ৰয়াস কৰি আহিছে। এনে এগৰাকী উদীয়মান প্ৰতিভা হ’ল চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ কিশোৰী বৃষ্টি বন্যা চেতিয়া ফুকন। যাদুকলা প্ৰদৰ্শনেৰে আজি ৰাজ্যখনৰ ভিতৰে-বাহিৰে জিলিকি উঠিছে এইগৰাকী কিশোৰী। অসমৰ বিশিষ্ট কবি-সাহিত্যিক কবিতা কোঁৱৰ প্ৰয়াত অম্বেশ্বৰ চেতিয়া ফুকনৰ নাতিনী ১৪ বছৰীয়া যাদু কুঁৱৰী বৃষ্টি বন্যা। প্ৰদীপ চেতিয়া ফুকন আৰু মৃদুস্মিতা গগৈৰ একমাত্ৰ কন্যা বৃষ্টি বন্যাই মাত্ৰ দুবছৰ বয়সৰ পৰা পিতৃৰ পৰা যাদুৰ শিক্ষা গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে কিশোৰী বৃষ্টি বন্যাৰ পিতৃ প্ৰদীপ চেতিয়া ফুকন অসমৰ এগৰাকী বিশিষ্ট ইলিউচনিষ্ট। পিতৃৰ পৰা দুবছৰ বয়সতে যাদু শিক্ষা গ্ৰহণ কৰা বৃষ্টিয়ে যাদু সম্ৰাট বিক্ৰম তালুকদাৰৰ যাদু শিক্ষা প্ৰতিষ্ঠান গুৰুকুল মেজিক একাডেমী এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ পৰা ২০১৭-১৮ বৰ্ষত “যাদু কুঁৱৰী’ উপাধি লাভ কৰিছিল ৷ বৰ্তমান সোণাৰিৰ প’ল ষ্টাৰ একাডেমীত নৱম শ্ৰেণীত অধ্যয়নৰত বৃষ্টিয়ে বৰ্তমানলৈকে অসমৰ বিভিন্ন মঞ্চত ৭৩ টা প্ৰফেচনেল যাদু প্ৰদৰ্শন কৰিছে বুলি জানিব পৰা গৈছে। উজনি অসমৰ প্ৰথমগৰাকী যাদু কুঁৱৰী বৃষ্টিয়ে বিভিন্ন চেনেলত অনুষ্ঠান পৰিৱেশন কৰি আহিছে। মন কৰিবলগীয়া যে  মডেলিং কৰি ভাল পোৱা বৃষ্টিয়ে বিভিন্ন অনুষ্ঠানৰ মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বঁটা লাভ কৰিবলৈকো সক্ষম হৈছে। তেওঁ দুবাৰকৈ শিশু আলোচনী “মৌচাক”ৰ বেটুপাতৰ মডেল হিচাপে স্থান লাভ কৰিবলৈকো সক্ষম হৈছে। যাদু শিল্পীগৰাকীয়ে যাদু শিল্প সন্দৰ্ভত কয় যে যাদু হৈছে এটা পৰিৱেশনমূলক শিল্পকলা। সম্পূৰ্ণ প্ৰাকৃতিক উপায় তথা উপকৰণ ব্যৱহাৰ কৰি হাতৰ কাৰচাজি, তালিবাজি নাইবা আন পদ্ধতিৰে দৰ্শকৰ চকুত ধূলি মাৰি ঘটনা-পৰিঘটনা সৃষ্টি কৰাই হ’ল যাদুৰ উদ্দেশ্য। যাদু বা মেজিক বুলি ক’লেই শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এক বিশেষ আকৰ্ষণ অনুভৱ কৰা পৰিলক্ষিত হয় বুলি তেওঁ অনুভৱ কৰিছে। এসময়ত যাদুশিল্পৰ বাবে বিশেষ সুনাম থকা অসমৰ নাম নিজৰ সীমিত পৰিসৰত জীয়াই ৰাখি এই শিল্পক জনতাৰ বিনোদনৰ মাধ্যম হিচাপে অনাগত দিনত মনোৰঞ্জন দি অহাৰ প্ৰয়াস কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে বৃষ্টিয়ে। শৈশৱৰ পৰা এক ব্যতিক্ৰমী শিল্প বিদ্যাৰ চৰ্চা চলোৱা বৃষ্টি বন্যাই অনাগত দিনত যাদু প্ৰদৰ্শন কৰি খ্যাতি-যশস্যাৰ শিখৰ স্পৰ্শ কৰক, তাৰ বাবে বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰেৰক দুষ্যন্ত নাথ
You might also like