নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিপাত নিশা অচিনাক্ত বাহনে প্ৰাণ কাঢ়িলে এজনৰ

নিয়মীয়া বাৰ্তা,  ৩ ছেপ্টেম্বৰ : চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত  ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিপাত নিশা সংঘটিত হয় পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ৰংপুৰীয়া গাঁৱৰ মনেশ্বৰ বৰাৰ পুত্ৰ সুৰেণ বৰা (৪০)ৰ থিতাতে মৃত্যু হয়।  জানিব পৰা মতে, ঘৰত অকলশৰে থকা সুৰেণ বৰাই ঘৰত তলা মাৰি চাৰি দিন পূৰ্বে ঘৰৰ পৰা ওলাই গৈ চিলাপথাৰ, ডিমৌ অঞ্চলত অনাই-বনাই ঘূৰি ফুৰিছিল। মানসিক অস্থিৰতাত ভুগি থকা সুৰেণ বৰাই চিলাপথাৰ দিশৰ পৰা চিমেন চাপৰিলৈ আহি থকা অৱস্থাতে কোনো অচিনাক্ত বাহনে শনিবাৰে নিশা খুন্দিয়াই থৈ যায় বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। আজি পুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সুৰেণ বৰাৰ মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় গাঁওপ্ৰধানগৰাকীয়ে ডিমৌ আৰক্ষী চকীক খবৰ দিয়াৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ধেমাজি অসামৰিক চিকিৎসালয়লৈ মৃতদেহ প্ৰেৰণ কৰে।
প্ৰেৰক কৰবী দলে
You might also like