নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ চিলনী চোৰ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : শিৱসাগৰ চহৰ আৰু ইয়াৰ উপকন্ঠ অঞ্চলত ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে চুৰি, ডকাইতিৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনা ৷বিগত এটা পষেকৰ ভিতৰত কুৰিটাতকৈও অধিক অপৰাধজনিত ঘটনাই সাধাৰণ ৰাইজক আতংকিত কৰি তোলাৰ সময়তেই যোৱানিশা জয়সাগৰ আৰক্ষীৰ জালত পৰিল তিনিটাকৈ পথৰ পৰাই ম’বাইল থপিয়াই নিয়া দুৰ্ধৰ্ষ অপৰাধী ৷ জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন ৰাজখোৱা আৰু চেৰেকাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই আটক কৰিবলৈ সক্ষম হোৱা অপৰাধীকেইটা হৈছে লাকুৱাৰ নীলোৎপল বৰুৱা, শিমলুগুৰিৰ জিতেন ৰয় আৰু নাজিৰাৰ ৰুবুল আলী ৷ প্ৰাপ্ত বাতৰি মতে, বিগত কিছুদিন ধৰি জয়সাগৰৰ লগতে বিভিন্ন গ্ৰাম্য অঞ্চলত অকলশৰীয়া মহিলা, বিদ্যালয়ৰ ছাত্ৰী আৰু শিশুৱে নিজ গৃহৰ পদূলিত অথবা জনশূন্য পথত অকলশৰে কথা পাতি গৈ থকাৰ সময়ত দুজনীয়া বাইক আৰোহীৰ দলে চকুৰ পলকতে ম’বাইল ফোন হাতৰ পৰা থপিয়াই অন্তৰ্ধান হয় ৷ যোৱা ১৮ আগষ্টৰ পৰা ৩০ আগষ্টলৈকে জয়সাগৰৰ বিভিন্ন প্ৰান্তত অনুৰূপ ধৰণে মুঠ চাৰিজন ব্যক্তিৰ পৰা মবাইল থপিয়াই নিছিল দুৰ্বৃত্তৰ দলে ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালকেইটাই সবিশেষ তথ্য উল্লেখেৰে জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছতেই গোপন অভিযান অব্যাহত ৰাখিছিল আৰক্ষীয়ে ৷ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা চি চি টিভিৰ ফুটেজ আৰু ই এম আই নম্বৰৰ অৱস্থিতি নিৰ্ণয় কৰা জয়সাগৰ আৰু চেৰেকাপাৰ আৰক্ষীয়ে কালি ওৰে নিশা চলোৱা অভিযান কালত নীলোৎপল, ৰুবুল, জিতেনক আটক কৰাৰ লগতে ঘটনাত ব্যৱহৃত এ এছ-০৪ এ বি-৫৭১৪ নম্বৰৰ পালছাৰ বাইকখন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে, ধৃত নীলোৎপল আৰু জিতেন ৰয় মাৰাত্মক ড্ৰাগছৰ কবলত পৰি বিগত কিছুদিন ধৰি ৰি-হেব চেন্টাৰত চিকিৎসা গ্ৰহণ কৰি আছিল ৷ কিন্তু শেহতীয়াকৈ মুকলি হৈ আহিয়েই নাজিৰাৰ ৰুবুলৰ সৈতে এই ম’বাইল থপিওৱা কামত জড়িত হৈ আহিছিল ৷ জয়সাগৰৰ লগতে জিলাখনৰ ভিন্ন প্ৰান্তত এই লুটপাতৰ ঘটনা সংঘটিত কৰি অহা জিতেন, ৰুবুল, নীলোৎপলে চুৰি ম’বাইলসমূহ নাগালেণ্ডৰ ব্যৱসায়ীক বিক্ৰী কৰি আহিছিল ৷ জয়সাগৰ আৰক্ষীয়ে পূৰ্বৰে পৰা ৰুজু হৈ থকা গোচৰৰ ভিত্তিত ৰুবুল, জিতেন, নীলোৎপলক আজি বিয়লি আদালতত হাজিৰ কৰাত আদালতে জে’ললৈ প্ৰেৰণ কৰে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like