নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘবৰৰ ৩নং মাজৰচৰত খহনীয়াৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ ৩নং মাজৰচৰত সুদীৰ্ঘ ২০ বছৰ ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ উপনৈৰ খহনীয়াৰ তাণ্ডৱ ৷ খহনীয়াই প্ৰতি বছৰে কালৰূপ ধাৰণ কৰি বহু পৰিয়ালৰ ঘৰ-ভেটি, খেতি-মাটি খহাই সৰ্বমুঠ প্ৰায় ৬০০ৰো অধিক পৰিয়ালক একপ্ৰকাৰ জুৰুলা কৰাৰ লগতে অঘৰী সজাইছে বহু পৰিয়ালক | পিছে আজিকোপতি  চৰকাৰ,  বিভাগীয় কৰ্তৃপক্ষ অথবা জিলা প্ৰশাসন, আনকি বিধায়ক শ্বেৰমান আলী আহমেদ, সাংসদ আব্দুল খালেকে খহনীয়াৰ প্ৰতিৰোধৰ কোনোধৰণৰ ব্যৱস্থা নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া ৰাইজে ৷ খহনীয়া প্ৰতিৰোধৰ বাবে বহু পৰিয়াললৈ ভাবুকি নামিছে | তৎসত্ত্বেও বিষয়টোত কাৰো কোনোধৰণৰ গুৰুত্ব নেদেখি ৰাইজে ক্ষুব্ধ হৈ পৰে ৷ স্মৰ্তব্য যে পূৰ্বে এবাৰ পাৰ্কুপাইনৰ আঁচনি লোৱা হৈছিল যদিও বিভিন্ন দুৰ্নীতি-অনিয়মেৰে নিম্নমানৰ কাম কৰা বাবেই এটা বানতে পাৰ্কুপাইনৰ প্ৰায়খিনি উটি-ভাহি যোৱাত খহনীয়াৰ প্ৰকোপ বেছিহে হোৱা বুলিও উল্লেখ কৰে |আজিকোপতি খহনীয়াৰ ক্ষেত্ৰত কোনো একো গুৰুত্ব নিদিয়াত শুকুৰবাৰে নৈৰ পাৰতে বিধায়ক শ্বেৰমান আলী আহমেদ, সাংসদ আব্দুল খালেক, চৰকাৰ, জলসম্পদ বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ শীঘ্ৰে ৩ নং মাজৰচৰৰ  নৈৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে ৰাইজে জিলা উপায়ুক্ত, বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক দাবী জনাইছে । 
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস
You might also like