নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কালি ভূৰাগাঁও ৰাজহ চক্ৰ অন্তৰ্গত বানপীড়িত অঞ্চলত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে স্থানীয় লোক সকলৰ সৈতে মত বিনিময় কৰে। উল্লেখ্য যে বিধায়ক গৰাকীয়ে প্ৰথমে ভূৰাগাঁও শংকৰদেৱ বিদ্যা নিকেতনত উপস্থিত হৈ নিকেতন খনৰ আৰ্চাৰ্য্য-আৰ্চাৰ্য্যা সকলৰ লগত এক মত বিনিময় কৰাৰ লগতে স্থানীয় প্ৰশাসন তথা ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়া,ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰগোঁহাইৰ লগতে বিজেপিৰ মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নিৰ্মল কোঁৱৰ সহ স্থানীয় একাংশ বিশিষ্ট ব্যক্তিৰ সৈতে অঞ্চলটোৰ বান আৰু খহনীয়া পৰিস্থিতিৰ লগতে উন্নয়নৰ সন্দৰ্ভত আলোচনাত মিলিত হয়।ইয়াৰ পিছতে বিধায়কগৰাকীয়ে ৰাজহ চক্ৰটোৰ অন্তৰ্গত হিন্দু জাপৰি, নিজচহৰীয়া, বালিচৰ, বৰুণগুৰি, লেঙেৰিবড়ি, ভূৰাগাও পাঁচআলিসহ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত বিধায়কগৰাকীয়ে বানপীড়িত অঞ্চলসমূহৰ লোকসকলৰ সৈতেও মত বিনিময় কৰে। উল্লেখ্য যে শেহতীয়াকৈ লাহৰীঘাটৰ পৰা মৰিগাঁও সমষ্টিত অন্তৰ্ভুক্ত হোৱা উক্ত অঞ্চল সমূহত আজি প্ৰথমবাৰৰ বাবে বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত হৈ ৰাইজৰ পৰিস্থিতি বুজ লয়। বিধায়ক দেউৰীৰ সৈতে উপস্থিত থাকে তিৱা স্বায়ত্ত পৰিষদ চৰকাৰী মনোনীত সদস্য অজিত ডেকা, জিলা বিজেপি সাধাৰণ সম্পাদক নিৰ্মল কোঁৱৰ, তিৱা স্বায়ত্ত পৰিষদৰ জামাদাৰী সমষ্টিৰ সদস্য দুলাল ব্ৰহ্ম ,নিজ গেৰুৱা জিলা পৰিষদৰ সদস্য সঞ্জয় ব্ৰহ্মসহ দলীয় একাংশ নেতা কৰ্মী।
প্ৰেৰক আবুল কালাম