নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়াত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰ : কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত ছমৰীয়া সত্ৰৰ বিজেপিৰ দক্ষিন কামৰূপ জিলাৰ ছমৰীয়া মণ্ডলৰ উদ্যোগত দেওঁবাৰে ছমৰীয়া বজাৰ গৃহত এখনি কাৰ্যকৰ্তা সন্মিলন আৰু ভোটাৰ চেতনা অভিযান প্ৰশিক্ষন কৰ্মশালা শীৰ্ষক এখন সভা অনুষ্ঠিত হয়। এই কাৰ্যকৰ্তা সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ দক্ষিন কামৰূপ জিলাৰ নৱনিযুক্ত সভাপতি অঞ্জন গোস্বামীৰ লগতে জিলাৰ বহুকেইজন বিষয়ববীয়া তথা নেতা কৰ্মী। দক্ষিন কামৰূপ জিলা সভাপতি অঞ্জন গোস্বামীক কাৰ্যকৰ্তা সন্নিলনত উপস্থিত হোৱাৰ প্ৰাকক্ষনত বৰালীমাৰাৰ পৰা এটি বাইক ৰেলীৰে আদৰি আনি ছমৰীয়া মণ্ডলৰ তৰফৰ পৰা খোল-তাল বজাই আৰু ফুলাম গামোচাৰে উষ্ম আদৰণি জনায়। দেওবাৰে দিনৰ ভাগত বিজেপিৰ ছমৰীয়া মণ্ডলৰ নৱনিযুক্ত সভাপতি পাৰ্থকৃষ্ণ অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যকৰ্তা সনিলনখনত দলীয় বিভিন্ন আঁচনি তথা আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচন সন্দৰ্ভত কৰিবলগীয়া বা লৱলগীয়া এক ৰণনীতি প্ৰস্তুত সন্দৰ্ভত দলীয় কাৰ্যকৰ্তা সকলৰ সৈতে আলোচনা কৰে। উল্লেখ্য যে ছমৰীয়া মণ্ডলৰ কাৰ্যকৰ্তা সভাত বিজেপিৰ নীতি আৰু আদৰ্শ; দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত বঢ়োৱা অবদানৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰায় শতাধিক কৰ্মীয়ে বিজেপিত যোগদান কৰে। সভাত ছমৰীয়া মণ্ডলৰ পৰা বিশ্ব অভিলেখৰ বাবে গ্ৰীনিজ বুক অৱ ৰেকৰ্ডচত বিহু নৃত্য প্ৰদৰ্শন কৰিবলৈ যোৱা ১৩গৰাকী বিহুৱতী আৰু বৃহত্তৰ ছমৰীয়া সত্ৰ অঞ্চলৰ পৰা নতুনকৈ ভাৰতীয় সুৰক্ষা বাহিনী আৰু ভাৰতীয় সেনা বাহিনীত নিযুক্তি লাভ কৰা ছয়জন যুৱকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। জিলা সভাপতি অঞ্জন গোস্বামীয়ে সংবাদ মাধ্যমক কয় যে বিজেপিত এতিয়া সোঁত বৈছে আৰু কোনো মানুহে এতিয়া সোঁতৰ বিপৰীতে যাব খোজা নাই। সেয়েহে বহু আন দলৰ কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ বাবে আমাৰ লগত যোগাযোগ কৰিছে। বকো সমষ্টিত দীৰ্ঘদিন ধৰি অপশাসন, দুৰ্নীতিৰ বাবে বকো সমষ্টিবাসী এতিয়া অতিষ্ঠ হৈ পৰিছে। সেয়েহে সকলো লোকে বিজেপিত যোগদান কৰি দলৰ ভেটি মজবুত কৰি আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত এজন এছটি প্ৰাৰ্থী জয়যুক্ত কৰিবলৈ সকলো কাৰ্যকৰ্তাই উঠি পৰি লাগিছে। কাৰ্যকতা সভাখনত জিলাৰ বিষয়বৱীয়া, ছমৰীয়া মণ্ডলৰ বিষয়ৱবীয়া/কাৰ্য্যকৰ্তা, প্ৰাক্তন মণ্ডল সভাপতি, ছমৰীয়া মণ্ডলৰ বিভিন্ন মৰ্চাৰ সভাপতি/সভানেত্ৰী, শক্তি কেন্দ্ৰৰ আহ্বায়ক,বুথৰ সভাপতি/সভানেত্ৰী, বি এল এ ২ তথা অন্য অন্য কাৰ্য্যকৰ্তা সতীৰ্থ উপস্থিত থাকে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like