নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ বাগিচাৰ লোকৰ উন্নয়নৰ কৃতিত্ব বিজেপি চৰকাৰৰ

বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰঃ চাহ বাগিচাত এতিয়া উন্নয়নৰ ৰাজনীতি চলে। ভুৱা অপপ্ৰচাৰৰ ৰাজনীতি এতিয়া অসমৰ চাহ বাগিচাত নচলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু এজন ডিব্ৰুগড়ৰ জোঁৱাই অপূর্ব ভট্টাচাৰ্যক লগত লৈ বাগিচাই বাগিচাই কেতবোৰ মনেসজা ভিত্তীহিন ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত অপ প্রচাৰৰে চাহ শ্ৰমিক ৰাইজৰ মাজত বিভ্রান্তি সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লুটাৰ অপচেষ্টাত লিপ্ত হৈছে। চাহ বাগিচাৰ ৰাইজ এতিয়া সজাগ আৰু সচেতন। সেয়েহে অসমৰ প্ৰতিখন চাহ বাগিচাৰ ৰাইজ উন্নয়নৰ সৈত আছে, বিজেপিৰ সৈতে আছে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আছে। আজি ডিব্ৰুগড়ত সংবাদ মেল আয়োজন কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্তই প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰত্যাহ্বান জনাই কয়, কংগ্ৰেছে এতিয়া চাহ শ্ৰমিক ৰাইজৰ ওচৰলৈ গৈ ক্ষমা খোজা উচিত। কাৰণ কংগ্ৰেছে দীৰ্ঘদিন ধৰি চাহ বাগিচাৰ ৰাইজক শোষণ আৰু বঞ্চনা কৰি আহিছে। কংগ্ৰেছৰ নেতাসকলে এতিয়া চাহ বাগিচাত গৈ লাজ পাইছেনে নাই। বুলি প্ৰশ্ন কৰি মুখপাত্ৰজনে কয়, অর্ধশতিকা চাহ বাগিচাৰ ৰাইজৰ ভোটেৰে শাসনলৈ অহা কংগ্ৰেছৰ কাৰ্যকালত চাই বাগিচাৰ লাইনৰ ৰাইজে উন্নয়নৰ মুখ দেখা নাছিল । এতিয়া চহা বাগিচাৰ লাইনৰ ৰাস্তা পকীকৰণ হৈছে। ঘৰে ঘৰে শৌচাগাৰ নিৰ্মাণ হৈছে। ঘৰে ঘৰে বেংক একাউন্টত ধন জমা হৈছে। ঘৰে ঘৰে বন্ধন গেছৰ সংযোগ হৈছে। ঘৰে ঘরে বিশুদ্ধ খোৱাপানী সংযোগ হৈছে। চাহ শ্রমিক বাইজে পকীঘৰ লাভ কৰিছে। প্ৰত্যেকঘৰ চাহ শ্রমিকে ৰেচন কার্ড লাভ কৰিছে। আয়ুষ্মান ভারত আঁচনিৰ অধীনত পাঁচ লাখ টকাৰ চিকিৎসাৰ বাবে সহায়ৰ নিশ্চিত লাভ কৰিছে। এয়া বিজেপি চৰকাৰৰ নেতৃত্বহে সম্ভৱ হৈছে। এয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰি নেতৃত্বহে সম্ভৱ হৈছে। চাহ বাগিচালৈ যোৱা পকী পথটো, মাৰী উৰাং ৰংগ মঞ্চখন, চাহ বাগচাৰ হাইস্কুলখন, চিকিৎসালয়খন দেখি কংগ্ৰেছৰ নেতা সকলে লাজ পোৱা উচিত। কাৰণ চাহ শ্ৰমিক ৰাইজৰ কল্যাণৰ কাৰণে এইসমূহ চিন্তা তেওঁলোকৰ মনলৈ অহা নাছিল। কিন্তু বিজেপি মিত্ৰজোঁটৰ চৰকাৰে চাহ বাগিচাত মহাপ্রভু জগন্নাথ মণ্ডপ, ষ্টেডিয়াম, স্পর্টচ একাডেমীৰ দৰে বৃহৎ অনুষ্ঠান স্থাপন কৰিছে। ভূপেন কৰা অপূৰ্ব ভট্টাচাৰ্যক কটাক্ষ কৰি মুখপাত্ৰজনে কয়, দুজন ডিব্ৰুগড়ৰ জোঁৱাই শহুৰৰ ঘৰত বেছিদিন থাকিলে কন্দল আৰম্ভ হ’বই। তেওঁলোকে চাহ বাগিচাত বিজেপি চাবলৈ আহিছিল। মিটিংসমূহত ত্রিশ-চল্লিশজন ৰাইজে তেওঁলোকক লগ দিছে। এয়া তেওঁলোকৰ অধিকাৰ আমাৰ কবলগীয়া নাই। কিন্তু বাগিচাই বাগিচাই মিথ্যাচাৰ অপপ্ৰচাৰ চলোৱাটো তেওঁলোকে বন্ধ কৰক। কাৰণ এতিয়া চাহ বাগিচাৰ ৰাইজ সজাগ আৰু সচেতন আৰু চাহ শ্ৰমিক ৰাইজ বিজেপি দলৰ লগত আছে। আজিৰ সংবাদমেলত বিজেপি ডিব্ৰুগড় জিলাৰ উপ সভাপতি তথা পৌৰপতি ডাঃ সৈকত পাত্র, অবিচি মৰ্চাৰ অসম প্ৰদেশৰ উপ সভাপতি উৎপল নেওঁগ আৰু সংবাদ বিভাগৰ সদস্য বিষ্ণু কোচ উপস্থিত আছিল।

প্ৰেৰক বিভাস দুৱৰা

You might also like