নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতি

বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰঃ মৰিয়নিৰ চৈকটা চাহ বাগিচাৰ ওপৰেৰে পাৰ হৈ যোৱা এজাক প্ৰচণ্ড ধুমুহাই ব্যাপক ক্ষতি কৰে। আজি পুৱতি নিশা অহা ধুমুহাজাকে চৈকটা চাহ বাগিচাত তাণ্ডৱৰ সৃষ্টি কৰে । পুৱতিনিশা চৈকটা অঞ্চললৈ ধুমুহাজাক যেন অভিশাপৰূপে নামি আহিল। পুৱতি নিশা প্ৰায় ৩-৩০ বজাত গাজি গুমৰি অহা বৰষুণৰ লগতে অহা ধুমুহাই ব্যাপক ধ্বংসলীলা কৰে। ধুমুহাৰ প্ৰকোপত অঞ্চলটোৰ বৃহৎ বৃহৎ গছ উভালি পৰে। ধুমুহাত চৈকটা চাহ বাগিচাৰ প্ৰায় তিনি শতাধিক ঘৰ ক্ষতি হোৱা বুলি প্ৰাথমিক তথ্য পোৱা গৈছে যদিও ক্ষতিসাধন হোৱা ঘৰৰ সংখ্যা চাৰি শতাধিক হোৱাৰো আশংকা কৰা হৈছে। অৱশ্য বৰ্তমানলৈকে হতাহতৰ কোনো বাতৰি পোৱা হোৱা নাই। সমগ্ৰ অঞ্চলটোত ক্ষতিসাধন নোহোৱাকৈ এটাও ঘৰ বাদ নপৰিল বুলি স্থানীয় লোকে জানিবলৈ দিছে । বাগিচাখনৰ তিনি নম্বৰ লাইনত সৰ্বাধিক ক্ষতিসাধন হয়। কেবাটাও ঘৰৰ ওপৰত বৃহৎ গছ বাগৰি পৰাত ফলত ঘৰকেইটা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে যদিও পৰিয়ালৰ লোকসকল কথমপি ৰক্ষা পৰে। অঞ্চলটোৰ বিকাশ পাটনায়কৰ ঘৰৰ ওপৰত তিনিজোপাকৈ বৃহৎ গছ বাগৰি পৰি ঘৰটো ধ্বংসস্তূপত পৰিণত কৰে। অৱশ্যে পৰিয়ালটোৰ লোকসকল কোনোমতেহে প্ৰাণৰক্ষা পৰে। প্ৰবল ধুমুহাই অঞ্চলটো এফালৰ পৰা তচনচ কৰি যায়। তিনি নং লাইনৰ ওপৰিও নতুন লাইন, ফেক্টৰী লাইন, হস্পিটেল লাইন আদিতো ঘৰ দুৱাৰৰ ব্যাপক ক্ষতিসাধন কৰে । ফলত সমগ্ৰ অঞ্চলটোৰে ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অঞ্চলটোৰ ৰাইজৰ মতে প্ৰায় ২০-২৫ মিনিট সময়তে ধুমুহাই কালৰূপ ধৰি অঞ্চলটোত তাণ্ডৱ চলায় । এই সময়তে প্ৰকৃতিয়ে অঞ্চলটোত ধ্বংসলীলা চলায়। লক্ষণীয় যে, চৈকটা চাহ বাগিচাৰ আশে পাশে ধুমুহাজাকৰ কোনো প্ৰভাৱ নাছিল। প্ৰায় একেটা অঞ্চলতে ধুমুহা জাকে ধ্বংসলীলা চলায় । আনহাতে, ধুমুহাৰ ফলত কাটনিবাৰী-চৈকতা সংযোগী পথ, ফেক্টৰী-হস্পিটেল সংযোগী আদি পথত বৃহৎ বৃহৎ গছ উভালি পৰাত পথকেইটাৰে যোগাযোগ সম্পূৰ্ণ ব্যাহত হৈ পৰে। বাগিচা কৰ্তৃপক্ষই স্থানীয় লোকৰ সহায়ত গছসমূহ কাটি পথ মোকলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। ইফালে, ধুমুহাজাকে বিদ্যুৎ পৰিবাহী কেবাটাও খুঁ‌টা সম্পূৰ্ণৰূপে বগৰাই পেলোৱাৰ লগতে বিদ্যুৎ পৰিবাহী তাঁ‌ৰ ছিগি পেলোৱাৰ ফলত বিদ্যুৎ যোগান সম্পূৰ্ণ ব্যাহত হয়। মৰিয়নিৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে তৎপৰতাৰে মেৰামতিৰ কামত লাগিছে যদিও পৰিস্থিতি স্বাভাৱিক হ’বলৈ কেবাদিনৰো প্ৰয়োজন হ’ব বুলি জানিব পৰা গৈছে। অঞ্চলটোত ব্যাপক ক্ষতি হোৱাৰ পিছতো বাতৰি লিখাৰ পৰলৈকে প্ৰশাসনৰ কোনো লোক ঘটনাস্থলীত উপস্থিত হোৱাগৈ নাই বুলি অঞ্চলটোৰ ৰাইজে জানিবলৈ দিছে। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পলমকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত লোকক সহায়ৰ আশ্বাস প্ৰদান কৰে। ক্ষতিগ্ৰস্ত অঞ্চলৰ অন্তৰ্গত দক্ষিণ কাটনি গাঁও পঞ্চায়তৰ সভাপতি অলেন পাটনায়কেও অঞ্চলটোৰ ক্ষতিগ্ৰস্ত লোকৰ বুজ লয় ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like