বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰঃ ছাত্ৰ-ছাত্ৰীসকল ভবিষ্যতৰ নাগৰিক আৰু দেশৰ সম্পদ৷ একাগ্ৰতাৰে অধ্যয়নত ব্ৰতী হলে সফলতা নিশ্চয়কৈ লাভ কৰিব পাৰি৷ নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য লৈ পঢ়া শুনা কৰিলে ভবামতেই ফলাফল পোৱা যায় ৷ -এই মন্তব্য ৰাজ্যিক কিষাণ মৰ্চাৰ উপ সভাপতি তথা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচাৰ্যৰ৷ আজি শুৱালকুছি শ্ৰীশ্ৰীশংকৰদেৱ ধামত প্ৰগতি ছাত্ৰ সমাজ, শুৱালকুছিৰ উদ্যোগত অনুষ্ঠিত কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাৱে অংশ গ্ৰহণ কৰি তেওঁ পুনৰ কয় যে ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰে শিক্ষিত হৈ যি কোনো ক্ষেত্ৰত সংস্থাপিত হোৱাৰ পিছত নিজৰ পিতৃ-মাতৃ, জন্মভূমি আৰু সমাজখনৰ পৰা যাতে আতৰি নাযায় তাক সততে মনত ৰখাটো প্ৰয়োজন ৷ বহুতে নিজৰ বিলাহিতা জীৱনটোৰ পাৰ পিতৃ মাতৃক আতৰাই ৰাখি বৃদ্ধাশ্ৰমত ৰাখিব বিচৰাটো অতি গৰ্হিত কাম বুলি উল্লেখ কৰি তেওঁ কয় যে যি গৰাকী পিতৃ মাতৃৰ বাবেই ছাত্ৰ ছাত্ৰী সকলে মানুহ হোৱাৰ সপোন দেখিছে আৰু উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ পিছত আকৌ তেওঁলোকেই পিতৃ মাতৃক বোজা বুলি ভাবি অৱহেলা কৰে তেনে ব্যক্তিৰ শিক্ষাৰ কোনো মূল্য না৷ তেওঁলোকহে সমাজৰ আৱৰ্জনাহে ৷ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিটো উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২০০১ চনৰ পৰা স্থানীয় বিধায়ক তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলক উৎসাহ যোগোৱাৰ বাবে বিনামূলীয়াকৈ টেষ্ট পেপাৰ যোগান ধৰি আহিছে৷ ইয়াৰ জৰিয়তে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী উপকৃত হৈছে ৷ ছাত্ৰ ছাত্ৰীসকলক ভবিষ্যতৰ শিক্ষা জীৱন সুন্দৰভাৱে আগবঢ়াই নি দেশৰ একো একোগৰাকী সফল সু-নাগৰিক হবলৈ তেওঁ আহ্বান জনায় ৷ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত কৰাত তেওঁ উদ্যোক্তাসকলক ধন্যবাদ জনোৱাৰ লগতে শিক্ষক দিৱসৰো এক তাৎপৰ্য দাঙি ধৰি শিক্ষক সকল সমাজৰ ধৰণি স্বৰূপ বুলি দোহাৰে ৷ শিক্ষকসকল সমাজৰ একোটা স্তম্ভ বুলি উল্লেখ কৰি ভাল শিক্ষকহে ভাল ছাত্ৰ গঢ়িব পাৰে বুলি কয় ৷ শিক্ষকসকল মমবাতিৰ দৰে নিজে জ্বলি আনক পোহৰ দিয়া লেখিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে শিক্ষকসকলক ছাত্ৰ ছাত্ৰীসকলে হৃদয়ত স্থান দিব লাগিব আৰু শিক্ষকসকলেও ছাত্ৰ ছাত্ৰীসকলক সমভাৱে মৰম কৰিব লাগিব ৷ উল্লেখ্য যে সভাৰ পূৰ্বে তেওঁ মঞ্চও উদ্বোধন কৰে ৷ সম্বৰ্ধনা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ৩৫০ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ৩০০ ছাত্ৰ ছাত্ৰীক গামোচা মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়৷ সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উক্ত সম্বৰ্ধনা সভাতে কেবাগৰাকী অৱসৰী শিক্ষকক বিশেষ সম্বৰ্ধনা জনোৱা হয় ৷
প্ৰেৰক দিলীপ মেধি