নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি দেশৰ আটাইতকৈ ধনী ৰাজনৈতিক দল

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ ২০২১–২২ বিত্তীয় বর্ষত দেশৰ আঠটা ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ সন্মিলিত সম্পদ বৃদ্ধি পাইছে ৮,৮৯৮ কোটি টকালৈ৷ ইয়াৰ ভিতৰত সকলোতকৈ ওপৰত আছে কেন্দ্রৰ শাসনাধিষ্ঠিত বিজেপি৷ ২০২১–২২ বিত্তীয় বর্ষত বিজেপিৰ মুঠ সম্পদ হৈছে ৬,০৪৬.৮১ কোটি টকা৷ কালি এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফমর্ছ (এডিআৰ)ৰ এক প্রতিবেদনত এই তথ্য সদৰী কৰা হৈছে৷ প্রতিবেদন অনুসৰি দেশৰ আঠটা ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ ভিতৰত মাত্র বহুজন সমাজ পার্টী (বিএছপি)ৰ সম্পদ হ্রাস পাইছে৷ ২০২১–২২ বিত্তীয় বর্ষত কংগ্রেছৰ মুঠ সম্পদ হৈছে ৮০৫.৬৮ কোটি টকা৷

You might also like