নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত শিক্ষকৰ অনুপস্থিতিত বিনষ্ট বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ : লখিমপুৰ জিলাৰ বৰদলনী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ১০৫ নং কেকুঁৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱত ছাত্ৰ-ছাত্ৰীৰ পাঠদান বিনষ্ট হোৱাত বৰদলনী প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াকেই জগৰীয়া কৰি অনতিপলমে শিক্ষক নিয়োজিত কৰাৰ দাবী তুলিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে ৷ প্ৰাপ্ত তথ্য মতে, সমগ্ৰ কেকুঁৰি অঞ্চলৰ উঠি অহা প্ৰজন্মক শিক্ষাৰ পোহৰ দেখুওৱাৰ মহৎ উদ্দেশ্যেৰে ১৮৯২ চনতে স্থাপন কৰা ১০৫ নং কেকুঁৰি প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক গুণীন্দ্ৰ খনিকৰকে ধৰি ৩গৰাকী শিক্ষক/শিক্ষয়িত্ৰী আছিল যদিও কেকুঁৰি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত এজনীয়া শিক্ষক হোৱাত বৰদলনী শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ মেমো নং বি ই ই অ’/ বি ডি/ এল/ ২০ ২১ / ১২২৩ দিনাংক ২০ এপ্ৰিল ২০২১ নিৰ্দেশ মতে বনশ্ৰী দাস নামৰ শিক্ষয়িত্ৰীগৰাকীক কেকুঁৰি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত Adjustment কৰি দিয়ে আৰু পাপৰি বড়া নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে ছুটী লোৱাত বালিদেউৰী এম ই স্কুলৰ পৰা চচো দেউৰী নামৰ শিক্ষকগৰাকীক ১০৫নং কেকুঁৰি প্ৰাথমিক বিদ্যালয়ত মৌখিক নিৰ্দেশত নিয়োজিত কৰে যদিও বিদ্যালয়ত পাঠদান ব্যাহত হোৱাৰ অভিযোগ তুলিছে অভিভাৱকসকলে ৷ তদুপৰি বনশ্ৰী দাস নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে দীঘলীয়া সময় মেটাৰনিটি আৰু চিচিএলৰ ছুটীত থাকি পহিলা আগষ্টত ১০৫ নং কেকুঁৰি প্ৰাথমিক বিদ্যালয়ত যোগদান কৰি পুনৰ কেকুঁৰি আদৰ্শ প্ৰাথমিক বিদ্যালয়তে কৰ্মৰত হৈ থকাত আশ্চৰ্য প্ৰকাশ কৰি বিদ্যালয় পৰিচালনা সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষৰ লগতে লখিমপুৰ জিলাৰ আয়ুক্তকো আবেদন জনোৱাৰ পিছতো শিক্ষয়িত্ৰীগৰাকীক ১০৫ নং কেকুঁৰি প্ৰাথমিক বিদ্যালয়লৈ ঘূৰাই আনিব নোৱাৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱৰো সিদ্ধান্ত কৰিছে বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট আৰু অভিভাৱকসকলে ৷ এই ক্ষেত্ৰত আজি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ লগতে মাতৃগোটৰ সদস্যা সকলো একত্ৰিত হৈ প্ৰতিবদী কাৰ্যসূচী ৰূপায়ণ কৰি ১০ ছেপ্টেম্বৰৰ ভিতৰত বনশ্ৰী দাসক বিদ্যালয়লৈ ঘূৰাই নানিলে বৰদলনী খণ্ড শিক্ষা বিষয়া কাৰ্যালয় ঘেৰাও কৰা কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰি এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীগৰাকীক কণ কণ শিক্ষাৰ্থীসকলৰ স্বাৰ্থত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰো আহ্বান জনাইছে অভিভাক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ লগতে মাতৃগোটৰ সদস্যাসকলে ৷ এইক্ষেত্ৰত শিক্ষা বিভাগৰ লগতে জিলা প্ৰশাসনে কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like