নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ভাৰত জোড়োৰ বৰ্ষপূৰ্তিত কংগ্ৰেছৰ পদযাত্ৰা

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ “ভাৰত জোৰো” কাৰ্য্যসূচীৰ এবছৰ পূৰ্তি উপলক্ষে আজি ধুবুৰীৰ ৰাজীৱ ভৱনৰ পৰা পদযাত্ৰা উলিয়ায় দলটোৱে। পদযাত্ৰাটোত অংশ লোৱা কংগ্ৰেছৰ দলীয় নেতা-কৰ্মীয়ে হাতে হাতে দলীয় পতাকা লৈ ৰাহুল গান্ধীৰ সমৰ্থনত বিভিন্ন শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে। পিছত সাংবাদিককে হোৱা কথা-বতৰাত কংগ্ৰেছী নেত্ৰী মীৰা বৰঠাকুৰে ২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত গঠিত হোৱা I.N.D.I.A. জোঁটে কেন্দ্ৰত চৰকাৰ গঠন কৰিব বুলি দাৱী কৰে। কাৰ্য্যসূচীত মীৰা বৰঠাকুৰৰ উপৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলাম, ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামান, জিলাখনৰ মহিলা কংগ্ৰেছ সভা নেত্ৰী বেবী বেগম প্ৰমুখ্যে দলটোৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ অইন কেইবা গৰাকী নেতা আৰু বিষয়-ববীয়াও অংশ লয়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like