নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰত উৎকট গৰমত এজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ প্ৰখৰ ৰ’দৰ উৎকট গৰমত আজি এজন শ্ৰমিকৰ মৃত্যু হয়৷ এই ঘটনা সংঘঠিত হৈছে লখিমপুৰ জিলাৰ ধলপুৰ ভিতৰদলনি গাৱঁত৷ প্ৰাপ্ত তথ্য অনুসৰি ধলপুৰ ভিতৰদলনিৰ বাসিন্দা  কলিয়া দাস (৪০) অন্যদিনাৰ দৰে নিজৰ পৰিয়াললৈ এমুঠি অন্ন যোগাৰ বাবে দিনহাজিৰা কৰিবলৈ ওলাই যায়৷ গাৱৰে এঘৰ লোকৰ ঘৰত হাজিৰা কাম কৰিবলৈ গৈ কাম কৰি থকা অৱস্থাত অত্যন্ত গৰমত মুৰঘূৰাই পৰি যায় ৷ ঘটনাৰ খবৰ লাভ কৰি গৃহস্থই পৰিয়ালৰ লোকক খবৰ কৰি চিকিৎসালয়লৈ নিবলৈ বাহনৰ ব্যৱস্থা কৰে৷ ততাতৈয়াকৈ এখন ই-ৰিক্সাত উঠাই লৈ কলিয়াক ধলপুৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও লোকজনৰ মৃত্যু হয় ৷ স্থানীয় একাংশ ৰাইজে উৎকট গৰমৰ বাবেই শ্ৰমিক গৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ প্ৰায়ে মাদক দ্ৰব্য সেৱন কৰা কলিয়াই আজি কামলৈ যোৱাৰ পূৰ্বেও নিচাপানী খায় যোৱা বুলি স্থানীয় একাংশ লোকে জানিবলৈ দিয়ে৷ মৃত্যুৰ সময়ত শ্ৰমিক কলিয়াই পত্নী,পুত্ৰক ইহসংসাৰত এৰি থৈ যায় ৷

প্ৰেৰক মাধুৰ্য দাস

You might also like