নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দোতমা বডোফা ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ৰ নাকৰ বি গ্ৰেড লাভ

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : কোকৰাঝাৰ জিলাৰ দোতমাস্থ বডোফা ইউ এন ব্ৰহ্ম মহাবিদ্যালয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত তিনিজনীয়া নেচনেল এছেছমেণ্ট এণ্ড এক্ৰেডেচন কাউন্সিল চমুকৈ নাকৰ দলে যোৱা ২১ আৰু ২২ আগষ্ট পৰিদৰ্শন কৰে । উক্ত দলটোত থাকে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সঞ্চালক প্ৰবেশ কুমাৰ শ্ৰীবাস্তৱ, নেহু, শিলঙৰ অধ্যাপক পুৰুষোত্তম নায়ক আৰু মহাৰাষ্ট্ৰৰ ৱেলিংডং মহাবিদ্যালয়ৰ অধ্যক্ষ ভাস্কৰ তমহংকৰৰে। তিনিজনীয়া দলটোৱে প্ৰথম চক্ৰৰ মূল্যায়নৰ বাবে মহাবিদ্যালয়ে দাখিল কৰা স্ব-অধ্যয়নৰ প্ৰতিবেদন (SSR) পৰীক্ষা কৰে। দুদিনজোৰা মূল্যায়ন সম্পূৰ্ণ কৰাৰ পিছত দলটোৱে নাকৰ মুখ্য কাৰ্যালয়লৈ প্ৰতিবেদন দাখিল কৰে । নাকৰ প্ৰতিবেদন অনুসৰি ৭ ছেপ্টেম্বৰত মহাবিদ্যালয়খনে বি গ্ৰেড (২.৩৩ চি জি পি এ) প্ৰথম চক্ৰতে পোৱা বাবে মহাবিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলজুৰি আনন্দৰ বন্যা বৈছে। আজি মহাবিদ্যালয়খনত কেক কাটি বিজয় উল্লাস কৰে । ইপিনে, মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ চিলাৰাই মুচাহাৰীয়ে মহাবিদ্যালয়খনৰ এই ফলাফলৰ বাবে আই কিউ এ চিৰ সমন্বয়ক ড° নবীন হাখ্ৰাৰী, সমূহ শিক্ষক-অনাশিক্ষক, কৰ্মচাৰীবৃন্দ, মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, মহাবিদ্যালয় এন এছ এছৰ আঁচনি বিষয়া সমন্বিতে স্বেচ্ছাসেৱকসকল, ছাত্ৰ-ছাত্ৰীবৃন্দ, প্ৰাক্তন ছাত্ৰ সন্মিলনী, অভিভাৱক-অভিভাৱিকাসকলৰ লগতে সমূহ দোতমাবাসী ৰাইজক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰে আৰু মহাবিদ্যালয়ৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like