নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত পিতৃৰ স্মৃতিত চিকিৎসালয় স্থাপন চিকিৎসক পুত্রৰ

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰঃ লখিমপুৰৰ এগৰাকী সমাজকৰ্মী তথা জনদৰদী চিকিৎসক, চিকিৎসা বিষয়া আছিল প্ৰয়াত ডাঃ নোমল চন্দ্র দাস। এই গৰাকী দৰদী চিকিৎসকৰ জন সেৱাৰ কাহিনী, কঠোৰ জীৱন সংগ্ৰামেৰে প্ৰতিষ্ঠা লাভ কৰাৰ কাহিনী সকলোৰে স্মৃতিপটত  সজীৱ হৈ আছে। জনসেৱাৰ লক্ষ্যৰে তেওঁ এখন পুৰ্ণাংগসুন্দৰ তথা সুলভ ব্যবস্থা ৰে চিকিৎসা লয় স্হাপন  কৰাৰ সপোন বুকুত বান্ধি ৰাখোতেই ২০১১ চনত এক দুৰ্ঘটনাত মৃত্যু হয়। তেওঁৰ এই আধৰুৱা সপোন পুৰণ কৰিবলৈ আগবাঢ়ি আহে তেওঁৰ দুই চিকিৎসক পুত্ৰ। লখিমপুৰ মেডিকেল কলেজৰ সমীপতে তেওঁলোকে বহু কষ্টৰে প্ৰয়াত পিতৃৰ স্মৃতিত নিৰ্মাণ সম্পুর্ণ কৰি উলিয়াইছে এখন অত্যাধুনিক সা সুবিধা উপলব্ধ হোৱা চিকিৎসালয়। ডাঃ দাস মাল্চিস্পেচিয়েলিটি হস্পিটেল নাম দি  নিৰ্মাণ কৰা চিকিৎসালয়খনৰ সন্মুখত স্থাপন কৰিছে তেওঁলোকৰ প্ৰয়াত পিতৃৰ এক সুবিশাল প্ৰতিমুৰ্তি। পিতৃৰ আধৰুৱা সপোনবোৰ পূৰণ কৰিবলৈ তেওঁলোকে চিকিৎসালয়খনত সকলোধৰণৰ সা সুবিধা সংযোজন কৰিছে। দেশৰ আগশাৰীৰ চিকিৎসকৰ সৈতে পোনপটীয়া সংযোগ ৰখাৰ লগতে কেইবাটাও নতুন চিকিৎসা বিজ্ঞানৰ পদ্ধতি সংযোজন কৰা হৈছে চিকিৎসালয়খনত। চিকিৎসা বিজ্ঞানৰ শেহতীয়া ব্যবস্থাৱলী উপলব্ধ হব চিকিৎসালয়খনত। এই লৈ কালি সন্ধিয়া চিকিৎসালয়খনত গণ্যমান্য ব্যক্তি, চিকিৎসক, সংবাদকৰ্মীৰ উপস্থিতিত এক আনুষ্ঠানিকতা সম্পন্ন হয়। অনুষ্ঠানটোত চিকিৎসালয়খনত নকৈ সংযোজন কৰা চিকিৎসা বিজ্ঞানৰ পদ্ধতি সমুহ, ৰোগীয়ে লাভ কৰিব পৰা সা সুবিধা সমুহৰ বিষয়ে বিতং কৈ সদৰি কৰা হয়। কেৱল লখিমপুৰৰ বাবেই নহয়। ৰাজ্যৰ ভিতৰতে এখন আগশাৰীৰ চিকিৎসা লয় হিচাপে এই চিকিৎসা লয় খন প্ৰতিষ্ঠা কৰাৰ লক্ষ্য বুলি কয় প্ৰয়াত দাসৰ দুই পুত্ৰ তথা পুত্ৰ বধুৱে। সাহিত্যিক পংকজ সভাপণ্ডিতে আত ধৰা অনুষ্ঠানটোত প্ৰয়াত দাসৰ পত্নী, শিক্ষয়িত্ৰী কল্পনা দত্ত দাস, জ্যেষ্ঠ পুত্র ডাঃ সুশান্ত ৰাজ কাকতি, পত্নী শকুন্তলা বৰা ৰাজ কাকতি, কনিষ্ঠ পুত্ৰ ডাঃ নিশান্ত ৰাজ কাকতি, তেও ৰ পত্নী ডাঃ সৰিতা  ৰায় ৰাজ কাকতি আদিয়ে অংশগ্রহণ কৰে। ডাঃ নিশান্ত ৰাজ কাকতি য়ে চিকিৎসা লয় খনৰ জৰিয়তে মানৱ সেৱা কৰাৰ পিতৃৰ সপোন তেওঁলোকে পুৰণ কৰিবলৈ চেষ্টা কৰা বুলি উল্লেখ কৰি চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ ব্যবস্থা, চিকিৎসা প্ৰণালী, আদিৰ বিষয়ে অনুষ্ঠানটোত ব্যাখা কৰে। এই চিকিৎসালয়খনে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত এক ডাঙৰ অভাৱ পুৰ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
প্ৰেৰক জীৱন গোস্বামী
You might also like