নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মইনবড়ী সত্ৰৰ চুৰি সামগ্ৰী বাক্সাত উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ সৰভোগৰ ঐতিহাসিক মইনবড়ী সত্ৰৰ সোণৰ মূৰ্তি সহ কেবা লক্ষাধিক টকাৰ চুৰি হোৱা মূল্যৱান সামগ্ৰী বাক্সাৰ ধূপগুৰীৰ চোৰৰ ঘৰত মাটিত পুতি থোৱা অৱস্থাত আজি উদ্ধাৰ হয়। উল্লেখ্য যে  মইনবড়ী সত্ৰত কালি নিশা চুৰি কাণ্ড সংঘটিত হোৱাৰ পাছত ক্ষীপ্ৰতাৰে তদন্ত কৰি চোৰক কৰায়ত্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক নিৰ্দেশ দিয়াৰ পাছতেই বৰপেটাৰ আৰক্ষী অধিক তৎপৰ হৈ পৰিছিল। মইনবড়ী সত্ৰৰ চুৰি হোৱা সোণৰ মূৰ্তি পিতলৰ তাল, তৌ, বৃহৎ ঘন্টা, শৰাই সহ আন বহু সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈ বৰপেটা আৰক্ষী জোৰদাৰ তদন্ত আৰম্ভ কৰি বৰপেটা আৰক্ষীয়ে সৰভোগ আৰু বাক্সাৰ শিমলাগুৰী আৰক্ষীৰ সহযোগত ক্ষীপ্ৰতাৰে তদন্ত চলাই মইনবড়ী সত্ৰৰ চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সত্ৰৰ চুৰি হোৱা মূল্যবান সামগ্ৰী সমূহ বাক্সাৰ শিমলাগুৰীৰ ধূপগুৰী গাঁৱৰ কেৰামত আলী নামৰ এটা চোৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ চুৰি হোৱা উক্ত সামগ্ৰী সমূহ কেৰামত আলী নামৰ চোৰটোৰ ঘৰৰ ভিতৰত মাটিত পুতি লুকুৱাই ৰাখিছিল৷ আৰক্ষীয়ে কেৰামত আলীৰ পিতৃ গিয়াছ উদ্দিনক আটক কৰিছে যদিও সম্প্ৰতি পলাতক হৈ থকা চোৰ কেৰামত আলীক এই মূহৰ্তলৈকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ আৰক্ষীয়ে চোৰ কেৰামত আলীৰ ঘৰৰ পৰা কলা ৰঙৰ এখন পালচাৰ বাইকো উদ্ধাৰ কৰে৷ আৰক্ষীয়ে চোৰ কেৰামত আলীৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ এই চুৰি কাণ্ডৰ লগত কেৰামত আলীৰ লগতে আৰু চোৰৰ চক্ৰ জড়িত থকাৰ সন্দেহ কৰা হৈছে। উল্লেখ্য দুৰ্বৃত্তই কালি চুৰি কাৰ্য কৰি সত্ৰৰ পৱিত্ৰ গুৰু আসনত হাত দিয়াৰ লগতে পাঁচশ বছৰীয়া হনুমানৰ প্ৰতিমাৰ ক্ষতি কৰাৰ উপৰিও ঐতিহ্যবাহী গুণমালা পুথিখন চুৰি কৰি নিছিল।
প্ৰেৰক দীপাংকৰ বায়ন
You might also like